দীপৰ বিলে মাতে শীৰ্ষক সংগীতৰ মাজেৰে দীপৰ বিলৰ পৰিবেশ সংৰক্ষণৰ বাবে জনমত সৃষ্টিৰ প্ৰচেষ্টা আজাৰাৰ শিল্পী জিতুমণি দাসৰ

0 256

দীপৰ বিলখনক সংৰক্ষণ কৰি ৰখাৰ বাবে দাঁতি কাষৰীয়া বাসিন্দা সকলৰ লগতে বিভিন্ন প্ৰকৃতিপ্ৰেমী দল – সংগঠন আৰু ব্যক্তিয়ে দীৰ্ঘদিনৰ পৰা মাত মাতি আহিছে । আনকি চৰকাৰ , গুৱাহাটী পৌৰ নিগমে দীপৰ বিলৰ পাৰত ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰা , বিলত পামহী কেনেলৰে গুৱাহাটীৰ দূষিত পানীভাগ পেলাই বিলখনক ধ্বংসৰ মুখলৈ ঠেলি দিয়া কার্যৰ বিৰুদ্ধেও সময়ে সময়ে বিভিন্ন দল সংগঠনে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে । কিন্তু ইয়াৰ মাজতে দীপৰ বিলৰ কাষৰীয়া আজাৰা গধূলিবজাৰৰ বাসিন্দা আৰু এগৰাকী শিল্পী জিতুমণি দাসে শেহতীয়াকৈ দীপৰ বিলখনক সংৰক্ষণৰ ক্ষেত্ৰত মানুহৰ মাজত সজাগতা সৃষ্টিৰ বাবে গীতৰ মাজেৰে এটা প্ৰয়াস কৰিছে । কিছুদিন পূৰ্বে দীপৰ বিলৰ পাৰত অনুষ্ঠিত এটা অনুষ্ঠানত জিতুমণি দাসে দীপৰ বিলক লৈ ৰচনা কৰা ” দীপৰ বিলে মাতে” শীৰ্ষক এটা গীত ইউ টিউব চেনেল যোগে মুকলি কৰিছে । এই সন্দৰ্ভত ১১ নৱেম্বৰৰ সন্ধিয়া আজাৰা ৰাজহুৱা সভাঘৰৰ মঞ্চত সাংবাদিক আৰু একাংশ প্ৰকৃতিপ্ৰেমী লোকৰ সৈতে হোৱা অন্তৰংগ আলাপত গীতটোৰ আঁৰৰ বহু কথা জিতুমণি দাসে সদৰি কৰে । আলাপত জিতুমণি দাসে কয় প্ৰায় চাৰে চাৰি মিনিট দৈৰ্ঘ্যৰ গীতটোৰ কথা , সংগীত আৰু সুৰ তেওঁৰ নিজৰ । বিগত বর্ষৰ লকডাউন আৰম্ভ হোৱাৰ সময়তে গীতটো ৰচনা কৰা হৈছিল । কিন্তু ক’ভিড কেন্দ্ৰিক পৰিস্থিতিৰ বাবে গীতটোৰ দৃশ্যগ্ৰহণ , সম্পাদনা , ৰেকৰ্ডিং আদি কামত বাধা আহি পৰিছিল । অৱশেষত ক’ভিড পৰিস্থিতি কিছু স্বাভাৱিক অৱস্থালৈ অহাৰ পাছত পৰিকল্পনা তথা আঁচনি অনুসৰি গীতটোৰ যাৱতীয় কামখিনি সম্পন্ন কৰা হয় । গীতটোৰ সম্পাদনাত সহায় কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী মামণি কলিতাই । তেওঁৰ ষ্টুডিও প্লে হাবত গীতটো সম্পাদনা কৰা হৈছে । ভিডিঅগ্ৰাফীত সহায় কৰিছে ৰুবুল দাসে । গীতটোৰ মাজেৰে দীপৰ বিললৈ অহা দেশী বিদেশী পৰিভ্ৰমী চৰাই , কিদৰে বিলৰ পানী দূষিত হৈছে , ডাম্পিং গ্ৰাউণ্ডৰ পৰা নিগৰি অহা প্ৰদূষিত পানী কেনেকৈ বিলত পৰিছে , প্ৰদূষণৰ ভয়াবহতা আদি সুন্দৰকৈ প্ৰদৰ্শন কৰা হৈছে । গীতটোত বাদ্যযন্ত্ৰত সংগত কৰিছে মৃণাল দাস আৰু ধীৰাজ বৰাই । সকলো দিশতে উৎসাহিত আৰু সহযোগ কৰিছে দীপৰ বিলৰ পৰিবেশ সংৰক্ষণৰ আন্দোলনৰ লগত জড়িত, বিলৰ পাৰৰ চকৰদৌ কলিতাপাৰাৰ বাসিন্দা প্ৰমোদ কলিতাই । আনহাতে গীতটো ইউ টিউৱত প্ৰকৃতিপ্ৰেমী আৰু সাংস্কৃতিপ্ৰেমী ৰাইজে আদৰি ল`ব বুলি জিতুমণি দাসে আশা ব্যক্ত কৰিছে। আলাপত প্ৰমোদ কলিতা , মৃণাল দাসকে ধৰি দীপৰ বিলৰ সংৰক্ষণৰ লগত জড়িত কেবাগৰাকী লোক উপস্থিত থাকে । উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও দিহিং – পাটকাইৰ ওপৰত পৰিবেশ সংৰক্ষণ বিষয়ক গীত গোৱা জিতুমণি দাস ২০০২ চনৰ পৰা ২০০৪ চনলৈ ধাৰাপুৰ চাৰিআলিস্থিত পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত একেৰাহে তিনিবাৰ শ্ৰেষ্ঠ সংগীত শিল্পীৰ সন্মান লাভ কৰিছিল। এই পৰ্যন্ত ৪০ টা গীত ৰচনা কৰি কন্ঠদান কৰা জিতুমণি দাসে অপেশাদাৰী নাট্য জগততো কেবাটাও গীত পৰিৱেশন কৰিছে।

Leave A Reply

Your email address will not be published.