দীপৰ বিলৰ পাৰৰ দেউছতাল খেলপথাৰত ভোগালী মেলা আৰম্ভ

0 287

অসমীয়া জাতিৰ বাপতি সাহোন স্বৰূপ মাঘ তথা ভোগালী বিহুৰ লগত সংগতি ৰাখি অগ্ৰণী সামাজিক , সাংস্কৃতিক সংগঠন “ফাউণ্ডেশ্যন ফ’ৰ চচিয়েল এন্টাৰপ্ৰিনাৰশ্বিপৰ ( এফ এফ এছ ই ) উদ্যোগত দীপৰ বিলৰ কাষৰীয়া দেউছতাল খেলপথাৰত ৩০ ডিচেম্বৰৰ দুসপ্তাহযোৰা কাৰ্যসূচীৰে আৰম্ভ হৈছে ভোগালী মেলা । বিশেষকৈ বৃহত্তৰ অঞ্চলটোৰ জনজাতীয় আৰু থলুৱা খাদ্য সম্ভাৰ , পৰম্পৰাগত খাদ্য , থলুৱা কৃষিজাত সামগ্ৰী সমূহক প্ৰচাৰ আৰু প্ৰসাৰ কৰা , মহিলা আত্মসহায়ক গোট সমূহৰ উৎপাদিত সামগ্ৰী সমূহৰ বিক্ৰী আৰু প্ৰদৰ্শনীৰ লক্ষ্যৰে আয়োজন কৰা ভোগালী মেলাখন ৩০ ডিচেম্বৰৰ সন্ধিয়া উদ্ধোধন কৰে ৰাষ্ট্রীয় গ্ৰামীণ বিকাশ নিধিৰ কাৰ্যবাহী সঞ্চালক ডঃ অমিয় শৰ্মাই । এই উপলক্ষে এফ এফ এছ ইৰ অধ্যক্ষ বলেশ্বৰ ৰংপীয়ে আঁত ধৰা চমু অনুষ্ঠানত ভাষণ প্ৰসংগত ডঃ অমিয় শৰ্মাই ভোগালী বিহুৰ প্ৰাকখনত এনে ধৰণৰ মেলাৰ আয়োজন কৰা বাবে উদ্যোক্তা সকলৰ শলাগ লয় ।অনুষ্ঠানত এফ এফ এছ ইৰ সম্পাদক বিপুল কলিতা, দেউছতাল গাঁওৰ চৰকাৰী গাওঁবুঢ়া নন্দৰাম ফাংচ , দেউছতাল নবজ্যোতি সংঘৰ সাধাৰণ সম্পাদক বিজয় বড়ো , দেউছতাল মহিলা সমিতিৰ সভানেত্ৰী দিপালী ক্ৰৌ আৰু সম্পাদিকা কল্পনা ৰংপী , আজাৰা গাঁও পঞ্চায়তৰ সদস্যদ্বয়। হীৰেন ইংতি আৰু দীনেশ বড়ো , শিক্ষকত্ৰয় দ্বীপেন ৰংপী , ভোগেশ্বৰ কলিতা আৰু বিমল মেধি , সমাজকর্মী কেষ্টৰাম ৰংপীকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে । আনহাতে উদ্যোক্তা সকলে জানিবলৈ দিয়া মতে অহা ১২ জানুৱাৰীলৈ চলিবলগীয়া এই মেলাৰ বিষয়ে কিবা জানিব বিচাৰিলে ৯৮৬৪০৮৩৯৯৫ বা ৯৮৬৪৮৭৪২৫২ মবাইল নম্বৰত যোগাযোগ কৰিব পাৰিব । তেনেদৰে ভোগালী মেলালৈ অহা লোকসকলে ওচৰতে থকা দীপৰ বিলৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ লগতে মেলাত বিভিন্ন জাতি জনগোষ্ঠীৰ থলুৱা খাদ্য সম্ভাৰৰ জুতি লব পাৰিব।
বাতৰি যুগুতালে জিতুমণি দাসে

Leave A Reply

Your email address will not be published.