নগাঁৱৰ বটদ্ৰৱাত ৰামমন্দিৰ নিধি সমৰ্পন কাৰ্য্যসূচী শুভাৰম্ভ

0 133

ভাৰতীয় মহাজীৱনৰ আদৰ্শ পুৰুষ সনাতনী দৰ্শন সংস্কৃতিৰ পথদ্ৰষ্ট্ৰা তথা মৰ্য্যদা পুৰুষোত্তম শ্ৰীৰামৰ জন্মভূমিত নিৰ্মাণ হ’বলগীয়া ৰাম মন্দিৰৰ নিৰ্মাণৰ বাবে নিধি সমৰ্পণ অভিযানৰ অংশ হিচাপে গুৰুজনাৰ জন্মস্থান নগাঁৱৰ বটদ্ৰৱা থানত তপোবনৰ সুষমাৰে সুশোভিত হৈ থকা আকাশীগঙ্গাৰ তীৰৰ পৰা পূঁজি সংগ্ৰহ কাৰ্যসূচী কালিৰে পৰা আৰম্ভ কৰা হৈছে । অযোধ্যাত স্থাপন হোৱা নিৰ্মীয়মান শ্ৰীৰাম মন্দিৰৰ বাবে ৰাইজৰ সহযোগিতা বিচাৰি শ্ৰীৰাম মন্দিৰ নিৰ্মাণ সমৰ্পণ সমিতিৰ অন্যতম কৰ্মকৰ্তা ৰাজু বৰুৱাই এই উদ্দেশ্যে ৰাইজক সম্বোধন কৰি অভিযান সন্দৰ্ভত বিস্তৃত বাখ্যা আগবঢ়াই “ ঐতিহ্যমণ্ডিত বটদ্ৰৱা ধামত গুৰু শঙ্কৰৰ আশীৰ্বাদ শিৰত লৈ বটদ্ৰৱা- ৰামমন্দিৰলৈ এই কাৰ্যসূচী লোৱা হৈছে বুলি উল্লেখ কৰে।
শ্ৰীৰাম মন্দিৰ নিৰ্মাণ কাৰ্যত গাঁৱৰ দুখীয়া লোকজনেও যাতে অনুদান আগবঢ়াই কৃতিত্বৰ অধিকাৰী হ’ব পাৰে সেই উদ্দেশ্যে গাঁৱৰ প্ৰতিঘৰ মানুহৰ ওচৰলৈ যাব এই অভিযানকাৰী দলটোৱে । নিম্নতম দহ টকা অনুদান আগবঢ়াব পাৰিব বুলিও উল্লেখ কৰে । এই কাৰ্যসূচীৰ জৰিয়তে জনসম্পৰ্কও ৰক্ষা হ’ব বুলি জানিবলৈ দিয়ে মন্দিৰ নিৰ্মাণ নিধি সমৰ্পণ সমিতিৰ কাৰ্য্যকৰ্তা দিলীপ কুমাৰ নাথে। শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি দেৱানন্দ দেৱ গোস্বামী আৰু সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱাই আনুষ্ঠানিকভাৱে অনুদান আগবঢ়ায় ।
শ্ৰীৰাম মন্দিৰ নিৰ্মাণৰ বাবে অনলাইন যোগেও অনুদান আগবঢ়াব পাৰিব বুলিও জানিবলৈ দিয়ে । এইক্ষেত্ৰত ৰাইজৰ সহায় আৰু সহযোগিতা কামনা কৰে তেওঁলোকে। এই অভিযানত উপস্থিত থাকে শ্ৰীৰাম মন্দিৰ নিৰ্মাণ নিধি সমৰ্পণ সমিতিৰ উত্তৰ অসম প্ৰান্তৰ সহ কাৰ্যবাহী কবীন বৰা, ৰাম জন্মভূমি নিধি সমৰ্পণ সমিতিৰ নগাঁও জিলাৰ প্ৰমূখ মানস শইকীয়া, খণ্ড নিৰিক্ষক মানিক নাথ, সমাজকৰ্মী জোনাৰাম বৰুৱা, তপন গোস্বামী, গৌতম গিৰি গোস্বামী, বটদ্ৰৱা শংকৰদেৱ বিদ্যা নিকেতনৰ প্ৰধান আচাৰ্য সোনামনি কলিতা, বটদ্ৰৱা সত্ৰ গাওঁ পঞ্চায়তৰ সভানেত্ৰী নমিতা হাজৰিকা বৰা, গোপাল কলিতা , দিব্যজ্যোতি বৰুৱা, কন্দৰ্প কুমাৰ কলিতা ,অমৰজ্যোতি কলিতা , অমৃত বৰুৱা, চন্দ্ৰামিকা কলিতা, সুস্মিতা বৰুৱা প্ৰমুখ্যে শতাধিক ৰাইজে ।
খবৰ যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে..

Leave A Reply

Your email address will not be published.