নেছনেল ইনষ্টিটিউট অৱ ফ্লিম টেলিভিছন এণ্ড থিয়েটাৰ ষ্টাডিজৰ বিদ্যালয় গৃহ শুভ উন্মোচন

0 239

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত পালন কৰি অহা শিল্পী দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটীৰ বৰবাৰীস্থিত “নেচনেল ইনষ্টিটিউট অৱ ফ্লিম টেলিভিছন এণ্ড থিয়েটাৰ ষ্টাডিজ”ৰ বিদ্যালয় গৃহৰ শুভ উদ্ধোধন আৰু নতুন বৰ্ষৰ পাঠদান কাৰ্যসূচীৰ আজি শুভাৰম্ভ কৰা হয়৷বিদ্যালয়ৰ নৱনিৰ্মিত গৃহদ্বাৰৰ শুভ উন্মোচন(উদ্ধাধন) কৰে বিশিষ্ট সাংস্কৃতিক ব্যক্তিত্ব, চিত্ৰ পৰিচালক হেমেন দাসে৷ ডিমৰীয়া কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা NIFTTS ৰ বৰ্তমানৰ সঞ্চালক ড° ৰামচৰণ ভৰালীৰ আশাুশুধীয়া প্ৰচেষ্টা আৰু নাট্যকৰ্মী প্ৰৱীণ শইকীয়াৰ লগতে আন কেইবাগৰাকী ব্যক্তিৰ সহযোগত ১৯৯৪ চনতে স্থাপন হোৱা বিদ্যালয়খন কিছুমান অসুবিধাৰ বাবে কিছুদিন সাময়িকভাৱে বন্ধ হৈ আছিল৷আজি ইনষ্টিটিউটখনৰ নিজা চৌহদত ৰবীন ডেকাৰ সভপতিত্বত আয়োজিত এখন মুকলি সভাত পুনৰ অভিনয়কলা আৰু নৃত্যকলা বিষয়ক এবছৰীয়া পাঠ্যক্ৰমটিৰ শুভাৰম্ভ কৰা হয়৷উল্লেখ্য যে ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষকৰ দ্বাৰা শিশুৰ শাৰীৰিক মানসিক বৌদ্ধিক বিকাশৰ উদ্দেশ্য আগত ৰাখি আৰু বৰ্তমানৰ শিক্ষা ব্যৱস্থাৰ লগত সংগতি ৰাখি নেছনেল ইনষ্টিটিউট অৱ ফ্লিম টেলিভিছন এণ্ড থিয়েটাৰ ষ্টাডিজে ৭-১৪বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীৰ উপযোগী ভিন্ন মাধ্যমত অভিনয় প্ৰশিক্ষণ গ্ৰহণৰ এবছৰীয়া বিজ্ঞানসন্মত নাট্য সম্পৰ্কীয় পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিছে৷
আজিৰ মুকলিসভাত ড° প্ৰভাত চন্দ্ৰ ভূঞা,ড° সৰলা ভূঞা,ড°অঞ্জনা গোস্বামী,ৰবীন শইকীয়া,তৃষ্ণা দেৱী,হিল্লোল কুমাৰ পাঠক, ৰাজীৱ সাউদ,মণিষ ডেকা,বিশ্বজ্যোতি শৰ্মা,দৰ্শনা বৰুৱা,সবিতা শইকীয়া ,মানৱ বৰকাকতি,মানস প্ৰতীম নেওঁগ,মহেশ কলিতা,খনীন ডেকা,আদি ভিন্ন ক্ষেত্ৰৰ বহুকেইগৰাকী গণ্য মান্য ব্যক্তি সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে৷সভাখনত দিব্যাংগ নাট্য বিদ্যালয়ৰ ছাত্ৰ কৌশিক ৰয়ে জ্যোতিসংগীতত এটি নৃত্য প্ৰদৰ্শন কৰাৰ লগতে NIFTTS ৰ শিক্ষাৰ্থী মেঘা সিন্‌হা,তেজস্ব ভৰদ্বাজ,জয়শ্ৰী ৰায়,ৰিপিতা দেৱী,অংকিতা দেৱীয়ে জ্যোতিসংগীত আধাৰিত এটি দলীয় নৃত্যও পৰিবেশন কৰে৷সভাখনত ৰূপকোঁৱৰক সন্মান জনাই জ্যোতি সংগীত পৰিবেশন কৰে উন্মীলনা অলম্যানে৷

Leave A Reply

Your email address will not be published.