নৱবৰ্ষৰ মহোৎসৱৰ পৰ্যটন বিকাশ কেবাং অনুষ্ঠিত

0 221

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে একবিংশ নৱবৰ্ষৰ মহোৎসৱৰ লগত সংগতি ৰাখি মহোৎসৱৰ ষষ্ঠ দিনা ৬ জানুৱাৰী দিনৰ ২ বজাৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ পৰ্যটন ক্ষেত্ৰ হিচাপে প্ৰতিষ্ঠা কৰা সন্দৰ্ভত পৰ্যটন বিকাশ কেবাং শীৰ্ষক পৰ্যটন উন্নয়ন বিষয়ত এখনি বৈঠক কলাক্ষেত্ৰ সভাকক্ষত আহ্বান কৰা হয়।অসম পৰ্যটন উন্নয়ন নিগমৰ সভাপতি জয়ন্ত মল্ল বৰুৱা মুখ্য অতিথি হিচাপে উপস্থিত থকা এই সভাত মূল উদ্দেশ্য বিস্তৃত ভাৱে ব্যাখ্যা কৰে কলাক্ষেত্ৰ সমাজৰ সচিব সুৰ্দশন ঠাকুৰে। ভাষণ প্ৰসংগত কয় যে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰক অসম পৰ্যটন বিভাগৰ জৰিয়তে অসমৰ ভিতৰত প্ৰথম পৰ্যটন স্থলী হিচাপে প্ৰতিষ্ঠা কৰা বাবে অসম পৰ্যটন বিভাগৰ লগতে অসমৰ বিভিন্ন ঠাই পৰা ট্যুৰ অপাৰেটসকলক আহ্বান জনায়।লগতে কয় যে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত থকা চাউণ্ড এণ্ড লাইট ছ’ব পুনৰ নিৰ্মাণৰ বাবে ইতিমধ্যে অসম চৰকাৰে যাবতীয় ব্যৱস্থা গ্ৰহণ কৰিছে।য’ত পৰ্যটক সকলে অসমৰ চমু আভাষ এই ছ’ৰ জৰিয়তে লাভ কৰিব আৰু খুব কম সময় ভিতৰতে এই ব্যৱস্থাটো ৰাইজৰ বাবে মুকলি কৰা হ’ব।
আনহাতে কলাক্ষেত্ৰ সমাজে হাতত লোৱা ব্যৱস্থা সমূহ ভিতৰত ক্ৰমে Laser show প্ৰকল্প,গুৱাহাটী আশে পাশে এখন Tribal ethnic village প্ৰতিষ্ঠা কৰা চাৰিখন নতুন স্থান ক্ৰমে ডিব্ৰুগড়, ডিফু,শিলচৰ কোকৰাঝাৰ লগতে নতুন দিল্লীত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সম্প্ৰসাৰণ কৰা বাবে পৰিকল্পনা কৰা হৈছে বুলি সচিবে সভাত ব্যক্ত কৰে।গতিকে কলাক্ষেত্ৰক পৰ্যটন স্থলী হিচাপে গঢ়ি তোলা ক্ষেত্ৰত কেনেধৰণৰ আগবাঢ়িব পৰা যায় এই সন্দৰ্ভত পৰামৰ্শ বিচাৰে।
সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ৰঞ্জিত দাস।কলাক্ষেত্ৰৰ লাইট এণ্ড চাউণ্ড প্ৰকল্প এটা আকর্ষণীয় অনুষ্ঠান।যিহেতু এই ছ’ত অসমীয়া আৰু ইংৰাজী ভাষত পৰিবেশন কৰা হয়।সেয়েহে হিন্দী ভাষটো সংযোজন কৰা বাবে শ্ৰীদাসে ভাষণত ব্যক্ত কৰে। উক্ত সভাত দেৱ কুমাৰ মিশ্ৰদেৱ, হেমন্ত দাস,স্বপ্না এম,বৰদলৈ অৰিজিৎ পুৰকায়স্থ,শ্ৰেয়া বৰবৰা,কুলদ্বীপ শৰ্মা,চন্দন নাথকে আদি কৰি প্ৰায় ষাঠি গৰাকী ষ্ট্যুৰ অপাৰেটৰ বিষয়া কৰ্মচাৰী উপস্থিত থকা লগতে বহু কেইগৰাকী ছাত্ৰছাত্ৰী উপস্থিত থাকি তেখেত সকলৰ পৰামৰ্শ আগবঢ়ায়।
সন্ধিয়া ৪:৩০ বজাত বন্তি প্ৰজ্বলনেৰে ঐক্যতান শীৰ্ষক তিব্বতীয় সাংস্কৃতিক অনুষ্ঠান শুভাৰম্ভ কৰে বিশিষ্ট অভিনেতা তথা নাট পৰিচালক প্ৰাঞ্জল শইকীয়াই । সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা,বিশিষ্ট সাহিত্যিক,সাংবাদিক তথা কলাক্ষেত্ৰ সমাজৰ পৰিষদৰ সদস্যা অনুৰাধা শৰ্মা পূজাৰী, সম্যদ্বীপ দত্ত,জিগমেশ চুলট্ৰিম ,আৰ কে,খ্ৰিমে আৰু কলাক্ষেত্ৰ সমাজৰ সচিব সুৰ্দশন ঠাকুৰ।সাংস্কৃতিক অনুষ্ঠান তিব্বতীয় বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান ক্ৰমে মীগ,দেৰয়েন চেপড্ৰ,সিংঘি,খাম সেই,য়াক ট্ৰে আদি পৰিবেশন কৰে সুদূৰ তিব্বতীয় পৰা অহা শিল্পীসকলে।

Leave A Reply

Your email address will not be published.