পথাৰ কন্যাক আৰ্থিক সাহাৰ্য্য প্ৰদান কৰিলে সেউজী অসমে

0 190

শিল ভঙা উদ্যোগৰ লগত জৰিত শ্ৰমিক সকলৰ কৃষি নাইবা কৃষকৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই ৷ সাধাৰণতে দেশৰ ধৰনী স্বৰূপ কৃষক সকল সকলো ক্ষেত্ৰতেই অৱহেলিত হৈ অহাৰ সময়তেই গুৱাহাটীৰ ‘শিল ব্যৱসায়ী কল্যাণ সন্থাই এগৰাকী আদৰ্শ কৃষকলৈ সহায়ৰ হাত আগবঢ়াই এক বিৰল নিদৰ্শন দাঙি ধৰিছে৷
 
 
প্ৰগতিশীল কৃষক সকলক উৎসাহ আৰু উদ্দীপনা যোগোৱাৰ লগতে কৃষি খণ্ডত শিক্ষিত যুৱচামক জৰিত কৰোৱাৰ অৰ্থে গঠন হোৱা ‘সেউজী অসম’ নামৰ সম্পূৰ্ণ অৰাজনৈতিক সংগঠনটোৰ বিশেষ প্ৰচেষ্টাত ‘শিল বেপাৰী কল্যাণ সন্থা’ নামৰ সংগঠনটোৱে আজি গুৱাহাটীৰ লালমাটী দুৰ্গা মন্দিৰ প্ৰাংগনত আয়োজিত এক বিশেষ অনুষ্ঠানত ভাৰত চৰকাৰৰ ‘ৰাষ্ট্ৰীয় মহিলা কৃষক বটাঁৰে সন্মানিত ‘পথাৰ কন্যা’ যোৰহাটৰ নৱনীতা দাসলৈ এক লাখ টকাৰ এককালীন সাহাৰ্য্য আগবঢ়ায় ৷
 
 
শিলবেপাৰী কল্যাণ সন্থাৰ সভাপতি লাচিত বড়ো, সম্পাদক গিৰি কান্ত মহন্ত, উপদেষ্টা দীনেশ শৰ্মা আৰু শ্যাম লাল আগৰৱালাই ‘পথাৰ কন্যা’ৰ হাতত এই ধন ৰাশি প্ৰদান কৰে ৷ কৃষক সকলৰ পথ প্ৰদৰ্শক স্বৰূপ উদ্যোগ আৰু বাণিজ্য বিভাগৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত সঞ্চালক প্ৰফুল্ল শইকীয়া, সেউজী অসমৰ সভাপতি হীৰেন চহৰীয়া আৰু সম্পাদক কুশল ডেকা, সাংবাদিক গণেশ দত্ত, ছাত্ৰ নেতা খনীন্দ্ৰ ৰাজবংশী, মহিলা নেত্ৰী মিৰণ দেৱী প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকলো এই অনুষ্ঠানত উপস্থিত থাকি শিল বেপাৰী কল্যাণ সন্থা এই ব্যতিক্ৰমী প্ৰয়াসক ভূয়সী প্ৰশংসা কৰে ৷

Leave A Reply

Your email address will not be published.