পথ মেৰামতিত নামি পৰিল এগৰাকী বিধায়ক

0 230

কথাৰে নহয় কামেৰে পৰিচয় দাঙি ধৰিলে এগৰাকী জনপ্ৰতিনিধিয়ে । এই জনপ্ৰতিনিধি, আন কোনো নহয় তেখেতে হৈছে মৰিয়নী বিধায়ক ৰূপজ্যোতি কুর্মী।উল্লেখযোগ্য যে এই বিধায়ক গৰাকীয়ে সকলো সময়তে ৰাইজৰ দুখ সুখৰ সমভাগী হয় । পুৱা কিম্বা মাজ নিশা এই দুই সময়তে সক্ৰিয় হৈ থাকে এই গৰাকী বিধায়ক।এইবাৰ বিধায়ক গৰাকী নামি পৰিল পথ মেৰামতি কামত।উল্লেখযোগ্য যে ঐতিহাসিক ধোদৰ আলিত পথতো বহু দিন ধৰি যাতায়তৰ বাবে সুচল হোৱা নাছিল।পথটো মেৰামতিৰ প্ৰয়োজন আছিল।কিন্তু চৰকাৰে এই বিশেষ পথটোক লৈ বিশেষ ভূমিকা গ্ৰহণ কৰা নাছিল।অৱশেষত বিধায়ক ৰূপজ্যোতি কুর্মীয়ে ধোদৰ আলি পথটো মেৰামতি কৰাত নিজেই নামি পৰে।লগতে বৰ্তমানৰ মুখ্যমন্ত্ৰীক এই পথটো নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ।

Leave A Reply

Your email address will not be published.