পলাশবাৰীৰ ৰামপুৰত মহকুমা কৃষি বিষয়াৰ কৃষি চক্ৰ পৰিদৰ্শন

0 244

কামৰূপ জিলাৰ গুৱাহাটী কৃষি মহকুমাৰ কৃষি বিষয়া নৱজ্যোতি জগন্নাথ আৰু সন্দিপ ভূঞাই পলাশবাৰীৰ ৰামপুৰ কৃষি চক্ৰ এলেকাত পি এম কৃষি আচনিৰ অধীনত চৰকাৰে কৃষকক দি অহা সা সুবিধাসমূহ কিদৰে লাভ কৰিছে সেই সন্দৰ্ভত যোৱা ১০ নৱেম্বৰত চক্ৰৰ বিভিন্ন ঠাই ভ্ৰমণ কৰি ভালেসংখ্যক কৃষকৰ সতে আলোচনাত মিলিত হৈ বুজ লয়। কামৰূপ জিলা পৰ্যায়ত অনুমোদিত হিতাধিকাৰীসকলৰ মাজত ইতিমধ্যেই ৰবি শস্য সৰিয়হ, মাকৈ আৰু মটৰৰ বীজ বিতৰণ কৰিছে। ৰামপুৰৰ কৃষি উন্নয়ন বিষয়া গিৰীন্দ্ৰ কুমাৰ শৰ্মা আৰু কৃষি উন্নয়ন সহায়ক লংকেশ্বৰ কলিতাকে ধৰি কেবাগৰাকীও বিষয়া আৰু গাওবুঢ়া, ৱাৰ্ড সদস্য আদিক লগত লৈ ঠাইসমূহ পৰিভ্ৰমণ কৰে। চুলিকটা গাৱৰ কৃষক মণ্টু দাসৰ পথাৰত উপস্থিত হৈ পৰীক্ষামূলকভাৱে শালিধান কটা অনুষ্ঠানতো কৃষি বিষয়াসকলে ভাগ লয়। তাৰ পিছত জেজাৰবড়ী গাৱত উপস্থিত হৈ কৃষকসকলে আয়োজন কৰা সৰিয়হ আৰু মটৰৰ বীজ চটিওৱা কাৰ্যসূচীতো অংশগ্ৰহণ কৰে। আনহাতে এইবেলি ধানখেতি কৰা কৃষকে যাতে উৎপাদিত ধান সঠিক মূল্যক বিক্ৰী কৰিব পাৰে তাৰ বাবে মহকুমা বিষয়াগৰাকীয়ে গিৰীন্দ্ৰ শৰ্মাৰ সৈতে কৃষকসকলক যোগাযোগ কৰিবলৈ আহ্বান জনায়।

Leave A Reply

Your email address will not be published.