দক্ষিণ কামৰূপৰ উপৰহালীস্থিত চিলাৰায় ভৱন প্ৰাঙ্গনত দক্ষিণ কামৰূপ জিলা আৰু পলাশবাৰী আঞ্চলিক সমিতিৰ সহযোগত খিলঞ্জীয়া অধিকাৰ সংগ্ৰাম সমিতি, অসমৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আজি দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰে। ৰাতিপুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পনৰ লগতে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰে। ইয়াৰ পিছতে সংগ্ৰাম সমিতিয়ে পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এখন সংবাদ মেল আয়োজন কৰে।দক্ষিণ কামৰূপ জিলা সমিতিৰ সাধাৰণ সম্পাদক মন্টু আলীয়ে আঁত ধৰা সংবাদ মেলখনত কেন্দ্ৰীয় সভাপতি ৰমেশ মালীয়ে অসমৰ বিভিন্ন খিলঞ্জীয়া জাতি জনগোষ্ঠী বাসভূমি অসমক পুনৰ দ্বিখণ্ডিতকৰণ কৰা কাৰ্য বন্ধ কৰা, বিভিন্ন খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ ভাষা সাহিত্য আৰু সংস্কৃতিৰ সংৰক্ষণৰ ব্যৱস্থা কৰা আৰু প্ৰতিটো জতি জনগোষ্ঠীক ন্যাৰ্য প্ৰদান কৰা, অবৈধ ভাৱে প্ৰৱেশ কৰা অনুপ্ৰৱেশকাৰী সকলক বিদেশী বিতৰণ আইন ১৯৫১ আধাৰত বহি:স্কাৰ কৰা আদি বিভিন্ন ২০ দফীয়া দাবী সমূহ উত্থাপন কৰি ৰাজ্য চৰকাৰক কাৰ্যকৰী কৰিবলৈ সংবাদ মেলৰ জৰিয়তে আহ্বান জনায়। সংবাদ মেলত দক্ষিণ কামৰূপ জিলা, পলাশবাৰী আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে।
Trending
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন