বিগত বৰ্ষত ৰাষ্ট্ৰীয় আন্ত:ৰাষ্ট্ৰীয় সন্মানেৰে উজলিল এগৰাকী মানৱ অধিকাৰ কৰ্মী

0 257

অন্ধবিশ্বাস তথা আন্ধাৰ বিনাশী উদ্দিপ্ত সূৰুযৰ আভাৰ পৰশেৰে মানৱ জীৱনলৈ কঢ়িয়াই আনে আশাৰ লগতে অফুৰন্ত শক্তি। কঢ়িয়াই আনে প্ৰাচুৰ্যৰে ভৰা এক সম্ভাৱনা আৰু উত্তৰণ।এই বিশ্বত দেশ আৰু সমাজৰ বাবে একাংশ লোকে কাম কৰি আহিছে আৰু তেওঁলোকৰ ভিতৰত এই দিশত ব্যক্তিগত জীৱনৰ বহু আকাংক্ষা আৰু ৰাজকীয় উচ্চাকাংক্ষা ত্যাগ কৰি বহুতো ঘাট প্ৰতিঘাট অভাৱ অনাটনৰ মাজেৰে দেশ,সমাজ আৰু মানৱ জাতিৰ কল্যাণৰ হেতু দীৰ্ঘদিনে সংগ্ৰাম অব্যাহত ৰাখি সমাজ সেৱা আগবঢ়াই অহা লোকৰ সংখ্যা তেনেই নগণ্য।
এই ব্যক্তি সকলৰ ভিতৰত অন্যতম হ’ল অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডক্টৰ দিব্যজ্যোতি শইকীয়া। দুটা দশক ধৰি সামাজিক কৰ্মৰে শান্তি, মানৱতা আৰু মানৱধিকাৰৰ হকে দীৰ্ঘদিনীয়া সংগ্ৰামৰে নিৰলস ভাৱে সেৱা আগবঢ়াই ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ত অসমৰ লগতে দেশৰ নাম উজলাবলৈ সক্ষম হোৱা অসমৰ ডক্টৰ দিব্যজ্যোতি শইকীয়াই বিগত সময়চোৱাত মানৱ জাতিৰ হকে আগবঢ়োৱা উৎকৃষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ত ইতিমধ্য ৭০টাতকৈ অধিক বঁটা, সন্মান উপাধি লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। দুটা দশক জুৰি সেৱা আগবঢ়াই অহা ডক্টৰ দিব্যজ্যোতি শইকীয়াই বিগত ২০২০ বৰ্ষত ক’ৰণা মহামাৰী কালত অসমৰ উপৰিও দেশৰ বিভিন্ন লোকক ভিন্ন প্ৰকাৰে সহায় কৰাৰ লগতে সাধাৰণ লোকক নিৰ্ভয় প্ৰদানৰ উপৰি ৰেডিঅ’,দূৰদৰ্শন, ব্যক্তিগত ইলেক্ট্ৰনিক সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমেৰে অন্ধবিশ্বাস আৰু উৰাবাতৰিৰ বিৰুদ্ধে তথা সুস্থ বাতাবৰণৰ হেতু বিশ্লেণাত্মক আৰু প্ৰেৰণাত্মক বার্তাৰে মানৱ জাতিক উদ্দেশ্যে কৰি আগবঢ়োৱা সেৱাৰ বাবে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰায় ২৫ টা সংগঠন তথা সংস্থাই ক’ৰণা যোদ্ধা সন্মানেৰে সন্মানিত কৰাৰ লগতে বিগত ২০২০বৰ্ষত বহুকেইটা আন্তঃৰাষ্ট্ৰীয় শান্তি বঁটা লাভ কৰিবলৈ সক্ষম হয়।
উল্লেখযোগ্য যে সমাজ সেৱাৰ বাবে ৰাষ্ট্ৰীয় অভিলেখ গঢ়িবলৈ সক্ষম হোৱা মানৱ অধিকাৰ তথা সমাজ কৰ্ম্মী ডক্টৰ দিব্যজ্যোতি শইকীয়াক আমেৰিকা যুক্তৰাষ্ট্ৰত মুখ্য কাৰ্য্যালয়ত অৱস্থিত বিশ্ব সংবিধান সংসদ সংস্থা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মানৱ অধিকাৰ সুৰক্ষা আয়োগৰ আন্তঃৰাষ্ট্ৰীয় সদস্য পদ প্ৰদান কৰিছে।ৰাষ্ট্ৰীয় পৰ্যায়ৰ সামাজিক সংগঠন “Brothers” ৰ সচিব প্ৰধান, টীম আন্নাৰ ৰাষ্ট্ৰীয় ক’ৰ কমিটিৰ ৰাষ্ট্ৰীয় সদস্য তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ অন্ধবিশ্বাস বিৰোধী নেতা, শান্তিৰ বাৰ্তা বাহক ডক্টৰ দিব্যজ্যোতি শইকীয়াই অনাগত দিনত মানৱ অধিকাৰ তথা সামাজিক কৰ্মৰ উপৰি নৱপ্ৰজন্মৰ অধিক উন্নয়নৰ নিমিত্তে কৃষি, খেল, প্রকৃত জীৱনভিত্তিক গুণগত শিক্ষাৰ বাবে অধিক দায়বদ্ধতাৰে কাম কৰি যাব বুলি মন্তব্য কৰিছে।

Leave A Reply

Your email address will not be published.