বিশিষ্ট কবি ,লেখিকা ঊষামণি শইকীয়ালৈ এই বৰ্ষৰ কাব্য শিৰোমণি বটা প্ৰদান কৰা হয়। মহানগৰীৰ জালুকবাৰীৰ সমীপৱৰ্ত্তী পাণ্ডু সদিলাপুৰৰ নিবাসী বিশিষ্ট কবি শইকীয়াক এই বটা প্ৰদান কৰে “আজিৰ কবিতা ” ৰ উদ্যোগত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুস্থানত।ৰিপৰ্টাৰ অসম আৰু ধেমাজি জিলা কবি সন্মিলনৰ সহযোগত ধেমাজি জিলাৰ লোহিত -সাবিত্ৰী ভবন,বৰদলনিত যোৱা ২১ ফেব্ৰুৱাৰীত আয়োজিত অনুষ্ঠানত স্মাৰক ,গামোছা ,মানপত্ৰৰে বিশিষ্ট কবি গৰাকীক প্ৰদান কৰা হয় এই বটা।ইৰ্ষণীয় বটাতো প্ৰদান কৰে বিশিষ্ট সাহিত্যিক ইছমাইল হোছেইনে।এই বটাৰ জৰিয়তে প্ৰথমবাৰলৈ সদিলাপুৰলৈ সন্মান কঢ়িয়াই অনাত সমগ্ৰ সদিলাপুৰবাসী উৎফুল্লিত হৈ পৰিছে।ইতিমধ্যে লেখিকা গৰাকীয়ে সাংবাদিক পৰিষদ অসমকে ধৰি বিভিন্ন সংগঠনৰ পৰা সন্বৰ্ধনা গ্ৰহন কৰিবলৈ সক্ষম হৈছে।
Trending
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ