বিশ্ব ঐতিহ্য সপ্তাহ উদ্বোধনী অনুষ্ঠান সম্পন্ন

0 195

ঐতিহাসিক কীৰ্তিচিহ্নসমূহ হৈছে সভ্যতা সংস্কৃতিৰ আৰু জাতীয় দাপোন।পূৰ্ব পুৰুষে এই থৈ যোৱা এই ঐতিহ্য সংৰক্ষণৰ বাবে সকলোৰে গধুৰ দায়িত্ব আছে।অসম চৰকাৰে বিশ্ব বুকুত ৰাজ্য মানচিত্ৰ জিলিকাই তোলাৰ যি লক্ষ্য স্থিৰ কৰিছে।
 
 
সেয়া বাস্তৱিক কৰাৰ বাবে ঐতিহ্য সংৰক্ষণৰ দিশত নিৰবিছিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। অসম চৰকাৰে সংস্কৃতিৰ পৰিক্ৰমা বিভাগৰ অধীনস্থ প্ৰন্ততত্ব সঞ্চালকালয় উদ্যোগত আৰু শিৱসাগৰ জিলাৰ প্ৰশাসনৰ সহযোগত শিৱসাগৰ ন-পুখুৰী প্ৰত্নতাত্বিক স্থানত আয়োজিত বিশ্ব ঐতিহ্য সপ্তাহ-২০২০ৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে এইদৰে কয়।
 
 
মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে শিৱসাগকে ধৰি দেশৰ ৫ খন স্থানত আইকনিক স্থান হিচাপে ঘোষণা কৰিছে আৰু এই স্থানৰ ঐতিহ্য সংৰক্ষণ আৰু সংবৰ্ধন বাবে পদক্ষেপ লৈছে।মুখ্যমন্ত্ৰীয়ে কয় যে শিৱসাগৰ জিলাই ৰাজ্য পৰিচয় বিশ্বৰ বুকুত সগৌৰৱে উজলাই তুলিছে। পূৰ্বপুৰুষে গঢ় দিয়া ঐতিহাসিক কীৰ্তিচিহ্নসমূহ শক্তিশালী সমল হিচাপে লৈ একবিংশ শতিকাত ৰাজ্য খনক বিকশাই তোলাৰ বাবে চৰকাৰে সংকল্প লৈছে।এই কীৰ্তিচিহ্ন সমূহৰ সংৰক্ষণৰ বাবে সকলোৱে উমৈহতীয়া দায়িত্ব ল’ব লাগিব।ৰাজ্যৰ ঐতিহাসিক সম্পদৰাজিৰ সম্পৰ্কে বিশ্ব সমাজক অৱগত কৰিবলৈ সকলোৱে সহযোগিতাৰে কাম কৰিব লাগিব।
 
মুখ্যমন্ত্ৰীয়ে কয় যে ৪২ গৰাকী আহোম স্বৰ্গদেউৰ স্মৃতি জাউতিযুগীয়া কৰাৰ লগতে শিৱসাগৰ জিলা তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তত সিঁচৰতি হৈ থকা কীৰ্তিচিহ্ন সমূহ সংৰক্ষণ আৰু সংবৰ্দ্বনৰ বাবে ৰাজ্যৰ প্ৰত্নতাত্বিক বিভাগে দায়বদ্ধতাৰে পদক্ষেপ গ্ৰহণ কৰিছে।ৰাজ্য চৰকাৰে সৰু বৰ সকলো জাতি-জনগোষ্ঠীৰ প্ৰবাদপুৰুষ সকলৰ স্মৃতি সংৰক্ষণ জৰিয়তে প্ৰতিটো জাতি জনগোষ্ঠীৰ মান-সন্মান, স্বভিমান বৃদ্ধিৰ বাবে নিৰলস প্ৰয়াস অব্যাহত ৰাখিছে।
 
 
উঠি অহা প্ৰজন্মক ৰাজ্যৰ গৰিমামণ্ডিত ইতিহাসৰ সম্পৰ্কে গভীৰভাৱে অধ্যয়ন কৰিবলৈ আহ্বান জনায় কয় যে জিলা প্ৰশাসন তথা জনপ্ৰতিনিধিসকলে এই ক্ষেত্ৰত গঠনমূলক পদক্ষেপ গ্ৰহণ কৰিব লাগিব।শেহতীয়া কৈ অসম চৰকাৰে বিধানসভাত অনুমোদন জনোৱা ঐতিহ্য সুৰক্ষা সংক্ৰান্তীয় বিধেয়ক খনৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াৰ কাৰ্যকৰীকৰনে ঐতিহ্য সংৰক্ষণৰ দিশত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিব।
 
তদুপৰি ছাত্ৰ ছাত্ৰীসকলে নিজ জিলাৰ কীৰ্তিচিহ্নসমূহ অধ্যয়ন বাবে উপযুক্ত সুযোগ লাভ কৰে।তাৰ বাবে প্ৰশাসন আৰু জনপ্ৰতিনিধিসকলে দায়িত্ব সহকাৰে পদক্ষেপ গ্ৰহন কৰিব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে কয়।এই সভাত মুখ্যমন্ত্ৰীয়ে ঐতিহাসিক সম্পদ সংৰক্ষণ ,নতুন প্ৰজন্মৰ মাজত ইতিহাস চেতনা জাগ্ৰত কৰি ইতিহাস অধ্যয়ন আৰু বিশ্লেষণ প্ৰতি সকলো শ্ৰেণীৰ লোকক উৎসাহিত কৰাৰ প্ৰচেষ্টা ব্ৰতী হোৱা হোজাইৰ কৃষ্ণ কুমাৰ সিংহ,শিৱসাগৰ জিলাৰ নবীন বুঢ়াগোহাঁই আৰু ধেমাজি ঘুগুহা দল সংৰক্ষণ সমিতি ঐতিহ্য মিত্ৰ সন্মান প্ৰদান কৰি তেওঁলোকক প্ৰশস্তিপত্ৰ ,অংগবস্ত্ৰ,স্মৃতিপট আৰু ৫০ হাজাৰ টকাকৈ আৰ্থিক সাহায্যৰ চেক আগবঢ়ায়।অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ঐতিহাসিক সম্পদৰাজি সংৰক্ষণৰ দিশত কাম কৰি অহা ৫ গৰাকী বিশিষ্ট ব্যক্তি ক্ৰমে গড়গাঁও মহাবিদ্যালয় অৱসৰপ্ৰাপ্ত অধ্যক্ষ দিলীপ বুঢ়াগোহাঁই, নামৰূপ মহাবিদ্যালয় অৱসৰপ্ৰাপ্ত অধ্যাপক জীতেন বৰপাত্ৰগোঁহাই, চৰাইদেউ চফ্ৰাইৰ চিকিৎসক ডাক্তক অতুল বুঢ়াগোহাঁই,শিৱসাগৰ ডিমৌ অৱসৰপ্ৰাপ্ত শিক্ষক পূৰ্ণ গগৈ আৰু চৰাইদেউ বৰহাটৰ অৱসৰপ্ৰাপ্ত শিক্ষক তুলসী নেওগক সম্বৰ্ধনা জ্ঞাপন কৰে।
 
অনুষ্ঠানৰ লগত সংগতি ৰাখি মুখ্যমন্ত্ৰীয়ে তিনিখনকৈ গ্ৰন্থ ক্ৰমে আৰ্কিঅ’লজিকেল হেৰিটেজ অৱ চাউথ এছিয়া,হেণ্ডবুক অন আৰ্কিঅ’লজি অৱ আছাম আৰু এক্সপ্ল’বেশ্যন ৰিপৰ্ট অৱ বেষ্ট কাৰ্বিআলং ডিষ্ট্ৰিক্ট নামৰ তিনিখন গ্ৰন্থ উন্মোচন কৰে।
অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত ,আয়ুক্ত সচিব প্ৰীতম শইকীয়া,মুখ্য সচিব জিষ্ণু বৰুৱা,দুৰ্যোগ প্ৰশমন বিভাগৰ ৰাজ্যিক মন্ত্ৰী যোগান মহন্ত,ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা,বিধায়ক সকল ক্ৰমে প্ৰদীপ হাজৰিকা, কুশল দুৱৰী,নৱনীতা সন্দিকৈ আৰু ঋতুপৰ্ণ বৰুৱা।সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দীপুৰঞ্জন মাক্ৰাৰী,শিক্ষা সংসদৰ অধ্যক্ষ দয়ানন্দ বুঢ়াগোহাঁই,প্ৰত্নতত্ত্ব বিভাৰ সঞ্চালিকা দীপিৰেখা কুলী,শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষ্মীনন্দন গগৈ প্ৰমুখ্য কৰি বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.