বৰ্ধিত ঔদ্যোগিক নীতিকলৈ একতা প্ৰদৰ্শন উত্তৰ-পূবৰ কেন্দ্ৰীয় মন্ত্ৰী আৰু সাংসদৰ

0 206

উত্তৰ-পূব প্ৰান্তক উচ্চ বিকাশৰ পথলৈ লৈ যোৱাৰ বাবে প্ৰয়োজনীয় নীতি আৰু উন্নয়নৰ বিষয়ে আলোচনা কৰিবলৈ নৰ্থ ইষ্ট এমপি ফ’ৰামৰ সহযোগত ফাইনাৰে (FINER)এখন ইণ্টাৰেক্টিভ অধিবেশন অলপতে আয়োজন কৰে। য´ত উত্তৰ পূবৰ কেন্দ্ৰীয় মন্ত্ৰী আৰু সাংসদে অংশ গ্ৰহণ কৰিছিল।
অধিবেশনত ভাষণ প্ৰদান কৰি আইন আৰু ন্যায় মন্ত্ৰী তথা নৰ্থ ইষ্ট এমপি ফ’ৰামৰ অধ্যক্ষ কিৰেন ৰিজিজু কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশত নতুন আৰু উন্নত নীতিৰ বৰ্ধিত প্ৰয়োজনীয়তা আৰু ই বিকাশত কেনেদৰে প্ৰভাৱ পেলাব পাৰে তাৰ কথা তেওঁ বুজি পায়। তেওঁ লগতে উন্নত নীতি প্ৰৱৰ্তন বাবে এমপি ফ’ৰামক সম্পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে।
উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইটা দলৰ ২৬ জন সাংসদৰ লগতে কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্রী তথা নৰ্থ ইষ্ট এমপি ফ’ৰামৰ অধ্যক্ষ কিৰেন ৰিজিজু, বন্দৰ, জাহাজ আৰু জলপথ আৰু আয়ুষৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল,পেট্ৰ’লিয়াম,প্ৰাকৃতিক গেছ আৰু শ্ৰমিক আৰু নিযুক্তিৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু শিক্ষা আৰু বৈদেশিক পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰী ৰাজ কুমাৰ ৰঞ্জন সিংকে ধৰি আন বহুজন উপস্থিত থাকে ।
ইয়াৰ পূৰ্বে অংশ গ্ৰহণকাৰীসকলক আদৰণি জনাই ফাইনাৰৰ অধ্যক্ষ পবিত্ৰ বুঢ়াগোহাঁইয়ে কয় যে উত্তৰ পূৰ্বাঞ্চলৰ বিকাশৰ বাবে গুৰুত্বপূৰ্ণ আৰু প্ৰাসংগিক বিষয়সমূহ পুনৰ বিবেচনা কৰাটো প্ৰয়োজনীয়।অঞ্চলটোলৈ আহি পৰা প্ৰত্যাহ্বান আৰু সুযোগৰ বিষয়ে উত্তৰ-পূৰ্বাঞ্চল বিকাশ মন্ত্ৰালয়ৰ উমৈহতীয়া মঞ্চ নৰ্থ ইষ্ট এমপি ফ’ৰাম আৰু ফাইনাৰে বিকাশৰ দিশসমূহৰ বাবে কাম কৰি আহিছে, যিবোৰ অঞ্চলটোৰ বিকাশৰ বাবে গুৰুত্বপূৰ্ণ আৰু প্ৰাসংগিক। তেওঁ লগতে কয় যে আন্তঃগাঁথনি আৰু সংযোগ ত্বৰান্বিত কৰাটো অঞ্চলটোৰ বাবে অতি গুৰুত্বপূৰ্ণ। সীমান্ত কেন্দ্ৰত এক্ট ইষ্ট পলিচীক বাস্তৱত পৰিণত কৰাৰ বিষয়েও তেওঁ কয়।
বৈঠকখনত নিম্নতম ১০ বছৰৰ বাবে ইনচেণ্টিভৰে নতুন ঔদ্যোগিক নীতিৰ বাবে এক সহমত সৃষ্টিৰ ওপৰত আলোচনা কৰে।এমএছএমই খণ্ডৰ বাবে অতিৰিক্ত ইনচেণ্টিভ আৰু দক্ষিণ এছিয়া আৰু দক্ষিণ পূব এছিয়াৰ সৈতে বাণিজ্য বৃদ্ধি আৰু জলপথৰ বিকাশত বাধা নাইকিয়া কৰি পৰিবহন সহজ কৰাৰ ওপৰত আলোচনা কৰে।

Leave A Reply

Your email address will not be published.