ভাৰতীয় বায়ুসেনাত উইং কামাণ্ডাৰ হিচাপে নিযুক্তি লাভ কৰিছে অসমৰ প্ৰথম গৰাকী মহিলাই

0 262

ভাৰতীয় বায়ুসেনাত উইং কামাণ্ডাৰ নিযুক্তি হিচাপে লাভ কৰিছে অসমৰ প্ৰথমগৰাকী মহিলাই। মহিলাগৰাকীৰ নাম বৰ্ণালী গগৈ।লখিমপুৰ নকাৰীৰ ২নং ৱাৰ্ডৰ নিবাসী প্ৰয়াত প্ৰেমধৰ গগৈ আৰু অঞ্জলি গগৈ কন্যা।
 
উল্লেখযোগ্য যে ১৯৯৬ চনৰ ২৭ মে’ত বৰ্ণালীয়ে পাইলট অফিচাৰ হিচাপে বায়ুসেনাত যোগদান কৰিছিল।ইয়াৰ পিছত ফ্লায়িং অফিচাৰ আৰু পৰৱৰ্তী ফ্লায়িং লেফটেনেণ্টে হিচাপে পদোন্নতি লাভ কৰে।
 
১৯৮৬ চনতে বৰ্ণালীয়ে অসমৰ ভিতৰত ১৬নং স্থান দখল কৰি বিজ্ঞান শাখাত কটন কলেজৰ পৰা উত্তীৰ্ণ হৈছিল।ইয়াৰ পৰৱৰ্তী সময়ত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা ইলেকট্ৰনিকছ টেলি কমিউনিকেশ্যনত প্রথম শ্ৰেণীৰ প্ৰথম স্থান দখল কৰিছিল। ইয়াৰ পিছতে বিৰলা ইনষ্টিটিউট অফ টেকন’লজি এণ্ড ছায়েন্সৰ পৰা এম টেক ডিগ্ৰী কৰিছিল। তেওঁ ২০২০ বৰ্ষৰ ৰাষ্ট্ৰপতি বঁটাৰেও সন্মানিত হৈছিল।

Leave A Reply

Your email address will not be published.