যোৰহাটত জিলাখন যদিও ৰেড জ’ন ঘোষণা কৰা হৈছিল তৎসত্তেও দৈনিক বৃদ্ধি পাবলৈ লৈছে কভিড আক্ৰান্তৰ সংখ্যা।যোৱা কেইবাদিনো ধৰি গড়ে দুই শতাধিক লোক সংক্ৰমিত হোৱাৰ পৰিপ্ৰেক্ষিতত এতিয়া অধিক কঠোৰ হৈ পৰিছে যোৰহাট জিলা প্ৰশাসন। উল্লেখযোগ্য সোমবাৰৰ পৰা দুদিনকৈ সম্পুৰ্ণ লকডাউন ঘোষণা কৰাৰ লগতে জিলাখনৰ হট স্পট ৰূপে পৰিগণিত হোৱা গ্রাম্যাঞ্চলসমূহত আৰক্ষী,চি আৰ পি এফ,এন ডি আৰ এফ বাহিনী তথা স্থানীয় প্ৰশাসনৰ সহযোগত তহল দি সকলোকে কভিড বিধি অৱলম্বন কৰিবলৈ আহ্বান জনোৱাৰ লগতে যোৰহাট শিৱসাগৰ সীমাৱৰ্তী অঞ্চল জাঁজীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত বিভিন্ন যান বাহন ৰখাই সোধা পোচা অব্যাহত ৰাখিছে।উল্লেখযোগ্য যে এটা সপ্তাহৰ বাবে অসমৰ সাতঁখনকৈ জিলা ৰেড জ’ন ঘোষণা কৰিছিল অসম চৰকাৰে য’ত যোৰহাট অন্তভূক্ত আছিল আৰু বিগত পাঁচটা দিনে সংক্ৰমণ হাৰ কিছু কমিছে যদিও সাধাৰণ ৰাইজক বিশেষ সতৰ্কতাৰ অৱলম্বন কৰাবলৈ এনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি প্ৰশাসনে জানিবলৈ দিছে।
Trending
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ