ভাৰত চৰকাৰে এন আৰ এলৰ সম্প্ৰসাৰণ প্ৰকল্পৰ ব্যয় ২৮,০২৬ কোটি টকালৈ বৃদ্ধি কৰিলে

0 216

ভাৰত চৰকাৰৰ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে এন আৰ এলৰ শোধন ক্ষমতা ৩ এম এম টি পি এৰ পৰা ৯ এম এম টি পি এলৈ বৃদ্ধি বাবে ৰূপায়ণ হৈ থকা নুমলীগড় ৰিফাইনেৰী সম্প্ৰসাৰণ প্ৰকল্পৰ বাবে ব্যয়ৰ সীমা সংশোধন কৰি ২৮,০২৬ টকালৈ বৃদ্ধিত অনুমোদন জনায়।এই বিনিয়োগ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত সকলোতকৈ অধিক একক বৃহৎ বিনিয়োগ।ভৱিষ্যতৰ ৬ এম এম টি পি এৰ মূল নিয়োজিত বিন্যাসক উচ্চ গভীৰতা পেট্ৰো এফ চি চি গোট ৰ লগত ইবুলেটেডৰেড ৰেচিডু হাইড্ৰ’ট্ৰিটৰ নতুন প্ৰযুক্তিৰ প্ৰয়োগেৰে ৰিফাইনেৰীৰ অৱশিষ্ট সমূহৰ উন্নয়ৰ ওপৰত ধ্যান দি ইয়াৰ পেট্ৰকেমিকেল প্ৰস্তুত কৰা বাবে ৰিক ফিগাৰেড আৰু উন্নত কৰা হৈছে।
এই বিন্যাসত অত্যাধুনিক প্ৰযুক্তি গ্ৰহণ কৰি আৰু অৱশিষ্ট হাইড্ৰকাৰ্বনৰ দৰে অত্যন্ত জটিল আঁচনি সমূহক সন্নিবিষ্ট কৰি ৰিফাইনেৰীটো গধুৰ তেল সংশোধিত কৰা আৰু ডিষ্টিলেটৰ উৎপাদন বৃদ্ধি কৰিবলৈ সক্ষম কৰি তোলা হ’ব।এই প্ৰযুক্তি গ্ৰহণ কৰাৰ বাবে প্ৰকল্পটোৰ মুঠ ব্যয় ২২,৫৯৪ কোটি টকাৰ পৰা বৃদ্ধি হৈ ২৮,০২৬ কোটি টকা হৈছে।সম্প্ৰসাৰণ বাবে ৰিফাইনেৰী ক’নফিগাৰেশ্বনৰ মূল আঁচনিৰ আৰু বৰ্তমান বজাৰৰ পৰিবেশৰ মাজত সময়ত এন আৰ এলে এই ক’নফিগাৰেশ্বন সংশোধিত কৰিবৰ বাবে অৱশিষ্ট উন্নয়ন প্ৰযুক্তিৰ পৰিপক্কতা আৰু প্ৰাকৃতিক গেছৰ উপলব্ধতাৰ সুনিশ্চিতৰ সুযোগ গ্ৰহণ কৰিছে।বৈশ্বিক শক্তি বেঞ্জামাৰ্কিঙত ক’নফিগাৰেশ্বনৰ ওপৰত শ্ৰেণীবদ্ধ শক্তি দক্ষতাত সৰ্বশ্ৰেষ্ঠতা লাভ কৰাৰ বাবে ক’নফিগাৰেশ্বন আৰু ইউনিট ডিষ্টিলেট উৎপাদনৰ লগতে এন আৰ এলে নিজৰ এল পি জি উৎপাদন বৃদ্ধিৰ ক্ষেত্ৰত সক্ষম হ’ব।ইয়াৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলত এল পি জিৰ নাটনি সম্পূৰ্ন ৰূপে নোহোৱা হ’ব।

Leave A Reply

Your email address will not be published.