মাজুলীৰ বাঘৰগাঁৱত আয়োজিত শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা মহোৎসৱত অংশগ্ৰহণ কৰিলে মুখ্যমন্ত্ৰীয়ে

0 249

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আজি মাজুলীৰ বাঘৰগাঁও সতী ৰাধিকা নাট্য মন্দিৰত আয়োজিত শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা লগতে ৰাসলীলা উপভোগ কৰে।ৰাসলীলা উদ্বোধন কৰি প্ৰদান কৰা ভাষণত মুখ্যমন্ত্ৰীয়ে মানৱীয় প্ৰমূল্যবোধেৰে এখন শক্তিশালী সমাজ নিৰ্মাণ বাবে ৰাস মহোৎসৱৰ এই শুভক্ষণতে সকলোকে সংকল্পবদ্ধ হ’বলৈ আহ্বান জনায়।
 
 
ভক্তিৰ যোগেদি সমাজ শক্তিশালী হয় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে বৰ্তমান সময়ত দিনক দিনে কমি অহা মানৱীয় চেতনা পুনৰ ঘূৰাই অনাৰ বাবে ভগৱান শ্ৰীকৃষ্ণ তথা গুৰুদুজনাৰ আধ্যাত্মিক বাণীৰে জীৱন বাটত শক্তিশালী ভাৱে আগবঢ়াব বাবেও আহ্বান জনায়।
 
বিজ্ঞান আৰু প্ৰযুক্তিৰ এই প্ৰতিযোগিতামুখী বাতাৱৰণত মানৱীয় চেতনাবোধবোধ যাতে অক্ষুন্ন থাকে তাৰ বাবে সকলোৱে কৃষ্ণ সংস্কৃতিৰ আদর্শৰে আগবাঢ়িব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।যি সমাজত মানৱীয় প্ৰমূল্যবোধ বিৰাজমান তেনে সমাজতহে শৃংখলাবদ্ধতা,মানৱতা,প্ৰতিষ্ঠা হয় বুলি উল্লেখ কৰি নৱপ্ৰজন্মক এই ৰাসলীলা দৰে কৃষ্টি-সংস্কৃতি ভৱিষ্যতেও অটুট ৰাখি সমাজ গঢ়াৰ কামত বৰঙণি যোগাবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়।

Leave A Reply

Your email address will not be published.