মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ ৱেবছাইটৰ আনুষ্ঠানিকভাৱে উন্মোচন কৰিলে মুখ্যমন্ত্ৰীয়ে

0 220

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আজি মাজুলীত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ ৱেবচাইটৰ এটা আনুষ্ঠানিক ভাৱে শুভ উন্মোচন কৰে।এই ৱেবচাইটতো হ’ল www.muoc.ac.in.এই ৱেবচাইটৰ জৰিয়তে দেশ বিদেশৰ ছাত্ৰ ছাত্ৰী,অভিভাৱকৰ লগতে পৰ্যটক সকলে বিশ্ববিদ্যালয়ৰ খনৰ বিভিন্ন তথ্য জানিব পাৰিব।
 
 
এই উপলক্ষে মাজুলী জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ভৱিষ্যতৰ দিনত এই সাংস্কৃতিক বিশ্ববিদ্যালয়খনে অসমৰ বৃহত্তৰ সমাজক সাংস্কৃতিক দিশত ঐক্যবদ্ধ কৰি ৰখাত প্ৰমুখ্য ভূমিকা ল’ব লাগিব।বিশ্ববিদ্যালয়খনে সমন্বয়ক অধিক সমৃদ্ধ কৰাৰ লগতে অসমৰ সাংস্কৃতিক ভেটিটোক ভৱিষ্যতলৈ টনকিয়াল কৰি ৰখাৰ ক্ষেত্ৰত দিকনিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব লাগিব।
 
এই বিশ্ববিদ্যালয়খন অন্যান্য বিশ্ববিদ্যালয়তকৈ পৃথক বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আমাৰ মাজত থকা সাংস্কৃতিক উপাদান সমূহ সৌন্দৰ্য প্ৰসাৰ আৰু প্ৰচাৰত সহায়ক হোৱাকৈ বিশ্ববিদ্যালয়খনে শিক্ষা প্ৰদান কৰিব লাগিব যাতে এই বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা লোৱা ছাত্ৰ-ছাত্ৰী সকলে পেছাদাৰী শিক্ষা লাভ কৰি আমাৰ সাংস্কৃতিক জীৱন ধাৰাৰ লগতে সমাজক সাংস্কৃতিক মানসিকতাৰে আগুৱাই যোৱাৰ বাবে এক অনুকূল পৰিৱেশ সৃষ্টি কৰিব পাৰে।তেওঁ কয় যে বিশ্ববিদ্যালয়খনক অসমৰ সংস্কৃতিৰ এক উদ্যোগ হিচাপে গঢ়ি তুলিব লাগিব যাতে ছাত্ৰ-ছাত্ৰী সকলে ইয়াৰ পৰা সাংস্কৃতিক অনুষ্ঠান পৰিচালনাৰ বিষয়ে সঠিক জ্ঞান লাভ কৰিব পাৰে।
 
মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ সমূহৰ পৰম্পৰাগত লোকাচাৰ,জীৱনশৈলী ৰ বিষয়ে গৱেষণা কৰি পাঠ্যক্ৰম যুগুতোৱাত বিশ্ববিদ্যালয়খনে অধিক ভূমিকা গ্ৰহণ কৰিব লাগিব।সাংস্কৃতিক সমন্বয় ক্ষেত্ৰত এই বিশ্ববিদ্যালয়খনে বিশ্বৰ আন দেশৰ বাবে যাতে এক আদৰ্শ বিশ্ববিদ্যালয় হিচাপে আৰ্হি দাঙি ধৰিব পাৰে তাৰ বাবে সৰ্বাত্মক প্ৰয়াস চলাব লাগিব।তেওঁ লগতে কয় যে জৈৱ-বৈচিত্ৰতা আৰু সাংস্কৃতিক তথা আধ্যত্মিক উপাদানেৰে চহকী মাজুলী প্ৰেক্ষাপটত এই বিশ্ববিদ্যালয় খন উপযোগী হ’ব ।মুখ্যমন্ত্ৰীয়ে কয় যে বিশ্ববিদ্যালয়খন সুচাৰুৰূপে চলাই নিয়াৰ বাবে শিক্ষকৰ পদবী সমূহ শীঘ্ৰেই অনুমোদন জনোৱা হ’ব।
অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই মুখ্যমন্ত্ৰীক বিশ্ববিদ্যালয়ৰ বিভিন্ন পাঠ্যক্ৰম আৰু অনান্য শিক্ষামূলক বিষয়ৰ বিষয়ে এটি প্ৰেজেন্টেশ্যান দিয়ে।সভাত ভাষণ প্ৰদান কৰি উপাচাৰ্য ড° ডম্বৰুধৰ নাথে মুখ্যমন্ত্ৰীক জনায় যে ২০২১ বৰ্ষৰ পৰা বিশ্ববিদ্যালয়খনে ৫ টা পাঠ্যক্ৰমত পাঠদান আৰম্ভ কৰিব।সম্প্ৰতি এই পাঠদান পূব মাজুলী মহাবিদ্যালয় শ্ৰেণী কোঠাত অস্থায়ীভাবে আৰম্ভ হ’ব বুলিও জনায়।বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক গৰাকীয়ে জনায় যে ইতিমধ্যে বিশ্ববিদ্যালয়ৰ অনুমোদন আয়োগে বিশ্ববিদ্যালয়ৰ খনৰ ডিগ্ৰী প্ৰদানৰ স্বীকৃতি প্ৰদান কৰিছে। এই মহাবিদ্যালয় খনৰ বাবে গড়মূৰৰ সমীপৰ লুইত নদী পাৰত ১০০ বিঘা মাটি আবন্টন দিয়া হৈছে।
 
আজি এই ৱেবচাইটৰ মুকলি অনুষ্ঠানত উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাদৰ্ন দেৱগোস্বামী,শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সচিব সুদৰ্শন ঠাকুৰ,মাজুলী জিলা উপায়ুক্ত বিক্ৰম কৈৰী,মাজুলীৰ জিলা পৰিষদ সভানেত্রী পাপু হাজৰিকা দত্ত,বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত পঞ্জিয়ক নৰনাৰায়ণ নাথ,বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিষদৰ সদস্য ড° হেমচন্দ্ৰ গোস্বামী, আৰু হৰিচৰন ভূঞা বৰবায়ন প্ৰমুখ্য গণ্য মান্য ব্যক্তি সকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.