মানৱ অধিকাৰ দিৱস পালন

0 259

আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ দিবস উপলক্ষে আজি ইন্টাৰনেচনেল হিউমেন ৰাইটছ এন্টিক্ৰাইম অৰগেনাইজেছনৰ গুৱাহাটী শাখাৰ উদোগত এক বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয় ৷মহানগৰীৰ বেলতলা চাৰ্ভে স্থিত ড্ৰীমছ ক্ৰীয়েছনত  উক্ত অনুষ্ঠানত উপস্থিত থাকি মানৱাধিকাৰ সন্দৰ্ভত ভাষণ ৰাখে হিউমেন ৰাইটছ এন্টিক্ৰাইম অৰগেনাইজেছনৰ ৰাজ্যিক সম্পাদক মইনুল হুচেইনে৷উক্ত অনুষ্ঠানৰ মুখ্য সহযোগী হেলথৰ ডি এন এৰ হৈ বক্তব্য ৰাখে প্ৰতিষ্ঠানটোৰ প্ৰজেক্ট হেড মনালিছা গগৈয়ে ৷ড্ৰীমচ ক্ৰিয়েচনৰ অধ্যক্ষা ডক্টৰ পাৰুমিতা চক্ৰৱৰ্তীয়ে হেলথ ডি এন এ আৰু ইণ্টাৰনেচনেল হিউমেন ৰাইটছ এণ্টি ক্ৰাইম অৰ্গেনাইজেশ্যনৰ এই পদক্ষেপৰ বাবে বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে ৷অনুষ্ঠানটোত প্ৰায় দুই শতাধিক ছাত্ৰ ছাত্ৰী তথা অভিভাৱকে অংশগ্ৰহণ কৰে ৷অনুষ্ঠানটোত মুম্বাইৰ নানাৱতী হস্পিতেলৰ ডাক্তৰ সুনীল ডালৱায়ে শিশু আৰু মানসিক স্বাস্থ্যৰ ওপৰত বক্তব্য ৰাখে ৷অনুষ্ঠানটোত হিউমেন ৰাইটচৰ হৈ ৰাজ্যিক সভাপতি শশাংক ভৰত কামৰূপ জিলাৰ সভাপতি পুৰুষোত্তম বানচাল হেলথ ডি এন এৰ  হৈ পূজন শইকীয়া,ধীৰু গগৈ উপস্থিত থকা বুলি এক প্ৰেছ বিজ্ঞপ্তি যোগে জনাইছে সংগঠনৰ প্ৰচাৰ সচিব যোগেশ মজুমদাৰে ৷

Leave A Reply

Your email address will not be published.