ষ্ট্ৰ’কত আক্ৰান্ত ৰোগীৰ বাবে প্ৰতিটো ক্ষণ অতি গুৰুত্বপূৰ্ণ।সঠিক সময়ত চিকিৎসা প্ৰদান কৰিব পাৰিলে বহু ৰোগীৰ জীৱন ৰক্ষা কৰিব পাৰি: ডাঃ নোমল চন্দ্ৰ বৰা

0 247

বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি ১৫ নিযুত লোক ষ্ট্ৰ’কত আক্ৰান্ত হয়।ইয়াৰে ৫ নিযুত লোক মৃত্যু মুখত পৰে আৰু অন্য ৫ নিযুত লোক স্থায়ী ভাৱে অক্ষম হৈ পৰে।অস্বাস্থ্যকৰ আৰু উশৃংখল জীৱনশৈলী তথা বয়সীয়াল লোকৰে পৰিপূৰ্ণ ভাৰতবৰ্ষত ষ্ট্ৰ’কৰ পৰিসংখ্যা দিনক দিনে বৃদ্ধি পাই আহিছে।ভাৰতবৰ্ষত মৃত্যু আৰু অক্ষমতাৰ এক প্ৰধান কাৰক হ’ল ষ্ট্ৰক।গ্ৰাম্যাঞ্চলত প্ৰতি এক লোকৰ ৮৪.২৬২ জন তথ্য চহৰঞ্চলৰ প্ৰতি এক লাখ লোকৰ ৩৩৪-৪২ জন লোক ষ্ট্ৰ’কত আক্রান্ত হোৱাৰ সম্ভাৱনা থাকে।আনহাতে, প্ৰতিবছৰে প্ৰতি এক লাখ লোকৰ বিপৰীতে ১১৯-১৪৫ জন লোক ষ্ট্ৰ’কত আক্ৰান্ত হয়।
বিশ্ব ষ্ট্ৰ’ক দিৱস উপলক্ষে যোৱা তিনিটা দশক ধৰি জিএনআৰচি হাস্পতালৰ তৰফৰ পৰা বিভিন্ন সমূহীয়া কাৰ্যসূচীৰ জৰিয়তে জনসাধাৰণৰক ষ্ট্ৰ’কৰ বিষয়ে সচেতন কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি অহা হৈছে।ষ্ট্ৰ’কৰ লক্ষণসমূহক ইংৰাজীত চমুকৈ F.A.S.T বুলি কোৱা হয়।অসমীয়াত ইয়াৰ ভাঙনি হ’ল মুখখন এফালে বেঁকা হৈ যোৱা ,বাহু দুৰ্বল হোৱা,কথা লাগি ধৰা আৰু এম্বুলেঞ্চ মতাৰ সময়।ষ্ট্ৰ’কৰ ভয়াবহতা সম্পৰ্কে সাধাৰণ ৰাইজৰক সজাগ কৰিবলৈ তথা ষ্ট্ৰ’কৰ পৰা হাত সাৰি থাকিবৰ বাবে সামাজিক মাধ্যম, প্ৰচাৰ মাধ্যম তথা বৈদ্যুতিক মাধ্যমৰ যোগেদি বিভিন্ন ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰা হয়।জিএনআৰচি হাস্পতালৰ বহি:বিভাগ আৰু অন্ত:বিভাগৰ ৰোগীৰ অভিভাৱক আৰু স্বাস্থ্যমিত্ৰ সকলক ষ্ট্ৰ’কৰ বিষয়ে সজাগ কৰিবলৈ স্নায়ু ৰোগৰ বিশেষজ্ঞৰ দ্বাৰা এক সজাগতা মূলক অনুষ্ঠানৰো আয়োজন কৰা হৈছিল।ইয়াৰ উপৰিও মিৰ্জাৰ বৰিহাটৰ এখন বিনামূলীয়া চিকিৎসা শিবিৰৰো আয়োজন কৰা হয়।এই চিকিৎসা শিবিৰত ১৫০ জন ৰোগীক বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰা হৈছে।
ব্যয়সাধ্য স্বাস্থ্য আঁচনি আৰু জিএনআৰচি প্ৰতিষ্ঠাপক ডাঃ নোমল চন্দ্ৰ বৰাই এক লিখিত বিবৃতি যোগে জনাই যে বিশ্ব ষ্ট্ৰ’ক দিৱস উপলক্ষে আমি সকলোৱে মাৰ বান্ধি ষ্ট্ৰ’কৰ বিৰুদ্ধে থিয় হওঁ আহক।এই বছৰৰ ষ্ট্ৰ’কৰ মূলমন্ত্ৰ হ’ল মূল্যবান সময়ৰ।কিয়নো যেতিয়া এগৰাকী ব্যক্তি ষ্ট্ৰ’কত আক্ৰান্ত হয়,তেতিয়া প্ৰতিটো মুহূৰ্ততে তেওঁৰ জীৱনৰ বাবে মূল্যবান হৈ পৰে।সেয়েহে কম সময়ৰ ভিতৰত তেওঁৰ চিকিৎসা প্ৰদান কৰাটো অতি প্ৰয়োজনীয়।এই মুহূৰ্তত সমগ্ৰ বিশ্বতে প্ৰায় দুই বিলিয়ন লোক ষ্ট্ৰ’কত আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে।ইয়াৰে ২০ শতাংশ লোক মৃত্যুমুখত পৰাৰ বিপৰীতে ৬০ শতাংশ লোক জীৱনৰ বাবে ঘুনীয় হয়।কিন্ত অতিকে আশাব্যঞ্জক কথাটো হ’ল আমাৰ জীৱনশৈলীৰ কিছুমান সালসলনি আমি সহজতে ষ্ট্ৰ’কৰ হাতোৰাৰ পৰা হাত সাৰি থাকিব পাৰো।১০ টা বিধি পালন কৰি আমি ষ্ট্ৰ’কক বাধা দি ৰাখিব পাৰো।আমি সাধাৰণ ৰাইজক এই ১০ টা বিধিৰ ষ্ট্ৰ’কৰ লক্ষণ তথা চিকিৎসা বিষয়েও সচেতন কৰি তুলিব লাগিব।যিকোনো মুহূৰ্তত যিকোনো ঠাইত ষ্ট্ৰ’ক হ’ব পাৰে।কিন্ত আমি সুষম তথা সঠিক আহাৰ গ্ৰহণ ,সুৰা আৰু ধঁপাতজাতীয় সামগ্ৰী বৰ্জন,শাৰীৰিক ব্যায়াম কৰিলে আৰু মেদবহুলতাৰ পৰা আঁতৰি থাকিলে সহজে প্ৰতিহত কৰিব পাৰো।তদুপৰি আমি উচ্চ ৰক্তচাপ, মধুমেহ,ডিজলিপিডিমিয়া, এট্ৰিয়েল ফিব্ৰিলেশ্যন,মানসিক চাপ আৰু হতাশাৰ পৰা মুক্ত থাকি ষ্ট্ৰ’কক বাধা দি ৰাখিব পাৰি।প্ৰতিৰোধৰ লগতে সঠিক সময়ৰ উপযোগী চিকিৎসাই বহু ষ্ট্ৰ’ক ৰোগীৰ জীৱন ৰক্ষা কৰিব পাৰে।
ক’ভিড অতিমাৰীৰ প্ৰথম আৰু দ্বিতীয় ঢৌৰ সময়ছোৱা জিএনআৰচি হাস্পতালৰ অন্ত:বিভাগত ৫,৪০০ আৰু বহি:বিভাগত ৫১,০০০ স্নায়ু ৰোগীক চিকিৎসা প্ৰদান কৰা হৈছিল।এই স্নায়ু ৰোগী সকলৰ ভিতৰত ২,২৬৩ জন ৰোগী ষ্ট্ৰ’কত আক্ৰান্ত হৈছিল আৰু ইয়াৰে ২০৯৬ জন ব্যক্তি সুস্থ হৈ ঘৰলৈ উভতি যাবলৈ সক্ষম হৈছে।এই তথ্যৰ পৰাই জানিব পাৰি যে ক’ভিড অতিমাৰী সময়ছোৱাত জিএনআৰচি হাস্পতালত ষ্ট্ৰ’কত আক্ৰান্ত ৰোগীৰ সংখ্যা হ্ৰাস পোৱা নাছিল।ডাঃ বৰাই আৰু জনাই যে সংবাদ মাধ্যমেই একমাত্ৰ আহিলা যিয়ে ষ্ট্ৰ’কৰ প্ৰতিৰোধ আৰু চিকিৎসাৰ বিষয়ে জনসাধাৰণৰক সচেতন কৰি তুলিব পাৰে।ইয়ে পৰৱৰ্তী পৰ্যায়ত সমাজ তথা ৰাষ্ট্ৰ নিৰ্মাণৰ সহায়ক হৈ উঠিব আৰু সকলোৰে বাবে স্বাস্থ্য, সকলোৰে মুখত হাঁহি বিৰিঙাৰ যি উদ্দেশ্য তাক সফল কৰি তুলিব।

Leave A Reply

Your email address will not be published.