সাংবাদিকৰ কল্যাণৰ বাবে মন্ত্ৰী পীয়ূষ হাজৰিকাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

0 247

আজি জনসংযোগ মন্ত্রী পীযুষ হাজৰীকাই আপকু, আছাম ইউনিয়ন অৱ ৱৰ্কিং জাৰ্নেলিষ্ট, আছাম ফটো জাৰ্নেলিষ্ট এছ’চিয়েছন আৰু ইলেকট্ৰনিক মিডিয়া ফ’ৰাম, অসমৰ প্ৰতিনিধি সকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।
এই বৈঠকত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিক সকলৰ বিয়োগৰ পাছত পৰিয়াললৈ এককালীন সাহাৰ্য, সাংবাদিক পেঞ্চন আদি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত আলোচনাৰ মাধ্যমেৰে গ্ৰহণ কৰা হয়।
? আজিৰ বৈঠকৰ বিশেষ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ হ`ল ক্ৰমেঃ
?অসম চৰকাৰৰ সাংবাদিক পেঞ্চন ৮ হাজাৰৰ পৰা ১০ হাজাৰ টকালৈ বৃদ্ধি।
? এতিয়াৰে পৰা অকালতে মৃত্যুবৰণ কৰা সাংবাদিকৰ পৰিয়ালে স্বাভাৱিক মৃত্যুৰ ক্ষেত্ৰটো পাব এককালীন সাহাৰ্য। এই সাহাৰ্য এক লাখৰ পৰা তিনি লাখ টকালৈ হ’ব।উল্লেখযোগ্য যে এতিয়াৰ পৰা প্ৰতিমাহৰ ১০ তাৰিখে জনসংযোগৰ বিষয়াই সাংবাদিকৰ সংগঠন কেইটাৰ প্ৰতিনিধিৰ সৈতে আলোচনাত মিলিত হ`ব। সাংবাদিকৰ পেঞ্চন এতিয়াৰ ৮ হাজাৰৰ পৰিবৰ্তে ১০ হাজাৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত কৰিছে।

Leave A Reply

Your email address will not be published.