সনন্ত তাঁতিলৈ সাহিত্য অকাডেমীৰ বঁটা

0 688

সাহিত্য অকাডেমী বঁটাৰ বাবে নিৰ্বাচিত হৈছে বিশিষ্ট কবি সনন্ত তাঁতি।কাইলৈৰ দিনটো আমাৰ হ’ব শীৰ্ষক কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমীৰ বঁটাৰ বাবে নিৰ্বাচিত হৈছে।১৯৭১চনৰ পৰা কাব্য সাহিত্যক সমৃদ্ধ কৰি তোলা তাঁতিৰ প্ৰথম প্ৰকাশিত কবিতা নাম আছিল সঞ্চয়।কবিতাটো ডক্টৰ নগেন শইকীয়াৰ সম্পাদিত সাম্প্ৰতিক নামৰ আলোচনীত প্ৰকাশ পাইছিল।কৰিমগঞ্জৰ কালিনগৰ চাহ বাগিছাত জন্মগ্ৰহণ কৰা তাঁতিয়ে প্ৰথম অৱস্থাত বাংলা ভাষাত কবিতা লিখিছিল যদিও পিছলৈ অসমীয়া ভাষাত কবিতা লিখে।বৰ্তমানলৈকে তেখেতৰ ১৪খন কবিতা পুথি প্ৰকাশ পাইছে ।কাইলৈৰ দিনটো আমাৰ হ’ব শীৰ্ষক কাব্যগ্ৰন্থৰ প্ৰায়বোৰ কবিতাত সামাজিক দায়বদ্ধতা,মানুহৰ ব্যক্তিগত সুখ দুখে প্ৰাধান্য লাভ কৰিছে।সাহিত্য অকাডেমিৰ বাবে নিৰ্বাচিত হোৱা খবৰ পাই তেখেতৰ অনুভৱ এন ই ফ’কাচ ডট কমৰ আগত এনেদৰে ব্যক্ত কৰে-খবৰটো পাই মই যথেষ্ট আনন্দিত হৈছো।কিয়নো এয়া এক জাতীয় স্তৰৰ স্বীকৃতি, পুৰস্কাৰ ।বৰ্তমান সময়ত উচ্চমানৰ কবিতা কাক কয় বোলা সোধাৰ এক প্ৰশ্নৰ উত্তৰত তেখেতে কয় যে আধুনিকতাৰ লগতে সামাজিক দায়বদ্ধতা থাকিব লাগিব, শব্দৰ সুপ্ৰয়োগৰ লগতে পৰীক্ষা নিৰীক্ষাৰ জৰিয়তে ফণ্টো বহলাই চলিলেহে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পাব পাৰি ।সম্প্ৰতি গুৱাহাটীৰ মথুৰা নগৰৰ বাসিন্দা সনন্ত তাঁতি চাহ বাগিছাৰ ভবিষ্যত নিধিৰ অৱসৰপ্ৰাপ্ত বিষয়া।

Leave A Reply

Your email address will not be published.