স্বাধীনতা দিৱসৰ বিশেষ-আত্মনিৰ্ভৰশীলতা

0 260

দেশৰ গণতান্ত্ৰিক ব্যৱস্থাক সঠিক ৰূপত প্ৰতিষ্ঠা কৰিবলৈ হ’লে প্ৰজাতন্ত্ৰক গুৰুত্ব আৰোপ কৰিব লাগিব।দেশ এখনৰ সামগ্ৰিক উন্নয়ন বাৰ্তা বাহক হ’ল যুৱ প্ৰজন্ম । যুৱ প্ৰজন্মক সঠিক ৰূপত সা সুবিধা প্ৰদান কৰি উন্নয়ন দায়িত্ব প্ৰদান কৰিলে নিশ্চয়কে দেশৰ প্ৰগতি সম্ভৱপৰ হৈ উঠিব।
 
 
নমস্কাৰ, মই সংগীতা শইকীয়া। সকলোকে ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালো। স্বাধীনতা দিৱসত মনলৈ অহা কিছু প্ৰসংগ আপোনালোকক জনাব বিচাৰিছো।বিশ্ব জুৰি ত্ৰাসৰ সৃষ্টি কৰা মহামাৰী ক’ৰণাই আমাক বহু কথাই শিক্ষাই গ’ল।
 
 
বিশেষকৈ সকলোকে আত্মনির্ভৰ হ’বলৈ শিকালে। স্থানীয়ভাবে বস্তু উৎপাদন কৰি কিদৰে স্বাৱলম্বী হ’ব পাৰে তাৰো এটা দিশ প্ৰতিফলিত কৰিলে। মিতব্যয়ী হ’বলৈ শিকালে,চাফ-চিকুণতা শিকালে।
 
 
সম্প্ৰতি অসমত লাহে লাহে কৃষি বিপ্লৱৰ সূচনা হৈছে । সকলোৰে খেতি কৰিবলৈ মন মেলিছে । উদাহৰণস্বৰূপে চহৰত থকা ডেকাজনেও ফাৰ্ম খোলাৰ বাবে মন মেলিছে। এয়া এক শুভ লক্ষণ।
 
 
চৰকাৰেও উন্নয়ন বাবে বিভিন্ন আঁচনি হাতত লৈছে। সেই আঁচনি সমূহ সঠিক সময়ত কাৰ্য্যকৰী হ’লেহে নিশ্চয়কৈ প্ৰগতি সম্ভৱ হ’ব। সমাজৰ আন দহ জনৰ উপকাৰ হ’ব।সদৌ শেষত পুনৰ স্বাধীনতা দিৱসৰ শুভকামনা জনালো, জয় হিন্দ।

Leave A Reply

Your email address will not be published.