কামৰূপ জিলাৰ পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত সৰপাৰা ছোৱালী হাইস্কুলত আজি ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ কাৰ্যসূচীৰ অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত “স্বচ্ছতা আৰু আমি” বিষয় শীৰ্ষক এখন চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত হয়। ইয়াৰ পিছত মহকুমা স্বাস্থ্য বিষয়া ডা: শ্যাম প্ৰসাদ ৰাজ মেধীৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাত স্বাস্থ্য বিভাগৰ কামৰূপ জিলাৰ যুটীয়া সঞ্চালক ডা: শ্যামন্ত মাধৱ শৰ্মা উপস্থিত থাকি আদৰণি ভাষণ আগবঢ়ায়। ভাষণত শৰ্মাই শিশুৰ পেলু কেনেদৰে নিৰ্মূল কৰিব পাৰি, ইয়াৰ প্ৰতিকাৰক, পুষ্টিহীনতা, ৰক্তহীনতা, শিশুৰ সৰ্বাঙ্গীন উন্নতিৰ বাধা সৃষ্টি কৰা আৰু অন্যান্য আনুষাংগিক ৰোগে আক্ৰমণ কৰা আদি বিষয়ত আলোকপাত কৰে। লগতে যুটীয়া সঞ্চালগৰাকীয়ে কয় যে পেলু নিৰ্মূল কৰাটো অত্যন্ত জৰুৰী। সেয়েহে স্বাস্ব্য বিভাগৰ দ্বাৰা অসমত দুবাৰকৈ ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ কাৰ্যসূচী ৰূপায়ণ কৰি ১ ৰ পৰা ১৯ বছৰ বয়সৰ শিশুসকলক পেলু নিৰ্মূল ঔষধ “এলবেণ্ডাজল” সেৱন কৰাবলৈ ৰাইজক আহ্বান জনায়। সভাত সৰপাৰা ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক ধীৰেণ ঠাকুৰীয়া উপস্থিত থাকি পেলু নিৰ্মূল সম্পৰ্কত ভাষণ আগবঢ়ায়। অনুষ্ঠানত দহ গৰাকী শিশুক পেলু নিমূল টেবলেট খুৱাই কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে আৰম্ভ কৰে। সভাৰ পূৰ্বেই অনুষ্ঠিত হৈ যোৱা চিত্ৰাংকণ প্ৰতিযোগিতাত সৰপাৰা বালিকা প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী মাইনা দাসে প্ৰথম স্থান, দ্বিতীয় স্থান চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ জিণ্টুমণী দাস আৰু তৃতীয় স্থান অধিকাৰ কৰে চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী প্ৰিয়া ডেকাই। তিনিগৰাকী স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীক উক্ত সভাতেই একোখনকে মানপত্ৰ প্ৰদান কৰা হয়। উক্ত সভাত জিলা নডেল বিষয়া ডা: অৰবিন্দ দাস, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ ৰাজ্যিক বিষয়া প্ৰগতি বৰ্মন, নাৰ্চ-কৰ্মচাৰীৰ লগতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকল উপস্থিত থাকে।খবৰ যুগুতালে মিৰ্জাৰ পৰা জিতুমণি দাসে।
Trending
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ