স্বাৱলম্বীতাৰ নিদৰ্শন দেখুৱাইছে এগৰাকী যুৱ উদ্যমীয়ে

1 270

দেশৰ প্ৰধানমন্ত্ৰীয়ে যিসময়ত আত্মনিৰ্ভৰশীল ভাৰত গঠনৰ কথা কৈছে সেই সময়তে একুৰিৰো অধিক লোকক সংস্থাপন দি আদৰ্শ দেখাইছে সোণাৰিৰ এজন যুৱকে। সোণাৰিৰ উত্তম চাংমাই নামৰ যুৱকজনে শেহতীয়াকৈ গঢ়ি তুলিছে লেয়াৰ প’লট্ৰি ফাৰ্ম। সোণাৰিৰ পাৰ্শ্বৱৰ্তী অঞ্চলত দৈনিক প্ৰয়োজন হোৱা কণীৰ চাহিদা পুৰণৰ অৰ্থে এই ফাৰ্মখন গঢ়ি তুলিছে।
 
 
 
বৰগোলা নামেৰে বিখ্যাত ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী উত্তম চাংমাই নামৰ ব্যক্তিজনে এই প’লট্ৰি ফাৰ্মখনৰ যোগেদি পাৰ্শ্বৱৰ্তী অঞ্চলত কণী যোগান ধৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে পূৰ্বে অঞ্চলটোত দৈনিক প্ৰায় ২৮০০০কণী আৱশ্যক হৈছিল যদিও স্থানীয়ভাৱে উৎপাদন নোহোৱাত বাহিৰৰ পৰা আমদানি কৰিবলগীয়া হয়।
 
 
 
উত্তম চাংমায়ে প্ৰথমাৱস্থাত পৰীক্ষামূলকভাৱে এখন ফাৰ্ম খুলি কণী উৎপাদনত গুৰুত্ব দিছিল। পৰৱৰ্তী সময়ত সোণাৰিত কণীৰ চাহিদা পূৰণ কৰিব পৰাকৈ পৰিকল্পনা কৰিছিল যুৱ ব্যৱসায়ী গৰাকীয়ে। সম্প্ৰতি এই ব্যৱসায়ীক প্ৰতিষ্ঠানখনৰ লগতে ফাৰ্মখনত একুৰিৰো অধিক যুৱক যুৱতীক সংস্থাপন দি জন জীৱিকা পথ মুকলি কৰিছে। উল্লেখযোগ্য যে যি সময়ত অসমৰ যুৱকে বৰ্হিৰাজ্যত কৰ্মসংস্থাপন বিচাৰি ঢাপলি মেলিছে সেই সময়ত উত্তম চাংমাইৰ দৰে উদ্যমীয়ে অৰ্থনেতিক বিপ্লৱৰ সূচনা কৰিছে।
খবৰ যুগুতালে সোণাৰিৰ পৰা অভিজিত ভূঞাই..

1 Comment
  1. অভিনন্দন জ্ঞাপন কৰিছো…. আগুৱাই যাওক…

Leave A Reply

Your email address will not be published.