কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ( চি আৰ পি এফ ) পশ্চিম গুৱাহাটীৰ ৰাণীস্থিত ১৭৫ বি এন চি আৰ পি এফে জনহিতকৰ কাৰ্যসূচীৰ অংশহিচাপে ৰাণীৰ অসম – মেঘালয় সীমান্তৰ মনোমোহা বনভোজথলী হিচাপে পৰিচিত কপিলীত বনভোজ খাবলৈ অহা বা অৱসৰ বিনোদন কৰিবলৈ অহা লোক সকলৰ বাবে দুটাকৈ জিৰণি চ`ৰা নিৰ্মাণ কৰিছে । আজি জিৰণি চ`ৰা দুটা সকলোৰে ব্যৱহাৰৰ বাবে মুকলি কৰে ১৭৫ বি এন চি আৰ পি এফৰ কমাণ্ডেণ্ট সুভাষ চন্দ্ৰ শৰ্মাই । এই উপলক্ষে স্থানীয় বহুসংখ্যক লোকৰ উপস্থিতিত অনুষ্ঠিত চমু অনুষ্ঠানত কমাণ্ডেণ্ট শৰ্মাই জিৰণি চ`ৰা নিৰ্মাণৰ ওপৰত আলোকপাত কৰি আগন্তক দিনতো বাহিনীটোৰ ফালৰ পৰা ৰাইজলৈ সহায়ৰ হাত আগবঢ়োৱা হব বুলি ব্যক্ত কৰে । অনুষ্ঠানত ডেপুটি কমাণ্ডেণ্ট আব্দুল ৰহিম , জ্যেষ্ঠ চিকিৎসাৰ বিষয়া ডাঃ অনিল কুমাৰ ঠাকুৰ , ছুবেদাৰ মেজৰ অজিত কুমাৰকে ধৰি ১৭৫ বি এন চি আৰ পি এফৰ কেবাজনো বিষয়া , ৰাণী আঞ্চলিক পঞ্চায়তৰ সভাপতি পৰমেশ্বৰ বৰ্মন , স্থানীয় গাওঁবুঢ়া ৰবি স্বৰ্গীয়াৰী , আৰচুৰ ৰাণী আঞ্চলিকৰ সাধাৰণ সম্পাদক জিতেন ৰাভা , ষষ্ঠ অনুসূচিত দাবী সমিতিৰ কৰ্মকর্তা বাবুল ৰাভা , সাংবাদিক ধৰ্মেন্দ্ৰ দাসকে ধৰি অঞ্চলটোৰ কেবাজনো বিশিষ্ট লোক , বন বিভাগৰ ৰাণী বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ ডেপুটী ৰেঞ্জাৰ চৈয়দ খলিলুৰ ৰহমান , ৰাণী উন্নয়ন খণ্ডৰ সহায়ক আজিজা চাবেদুৰ বেগম উপস্থিত থাকে।
Trending
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন