ৰক্তদান শিবিৰ অনুষ্ঠিত

0 271

বেচৰকাৰী সংস্থা সুবাসৰ উদ্যোগত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ সহযোগত আজি ভাৰতৰত্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্মদিনৰ লগত সংগতি ৰাখি টীয়কৰ বৰা বজাৰত এক ৰক্তদান শিবিৰ আয়োজন কৰা হয়।শিবিৰটোত প্ৰায় ৫০ৰো অধিক লোকে স্বইচ্ছাই ইতিমধ্যে ৰক্তদান কৰিছে আৰু সামৰণি পৰ্যন্ত প্ৰায় ১৫০ৰো অধিক লোকে ৰক্তদান কৰিব বুলি মন্তব্য কৰিছে সুবাসৰ সম্পাদক বিশ্বজিত বৰুৱাই।
বিশেষকৈ ক’ভিডৰ এই সময়ছোৱাত ৰোগীসকলে ৰক্তৰ অভাৱত যি অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে তাৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ এই পবিত্ৰ দিনটোত এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি জানিববলৈ দিছে উদ্যোক্তাই।উক্ত শিবিৰত টীয়কৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি,দল সংগঠনৰ লগতে যুৱনেতা শান্তনু দত্ত উপস্থিত থাকি সহযোগিতা আগবঢ়ায়।

Leave A Reply

Your email address will not be published.