ৰাইড ফৰ হ’পৰ দ্বিতীয় লানি চাইকেল যাত্ৰাৰ শুভাৰম্ভণি

0 201

গ্ৰামোন্নয়ন আঁচনি সমূহ আৰু ক’ভিড-১৯ ৰ সতৰ্কতামূলক ব্যৱস্থা সম্পৰ্কে সজাগতা সৃষ্টি অৰ্থে পঞ্চায়ৰ আৰু গ্ৰামোন্নয়ন উদ্যোগৰ হাতত লোৱা সজাগতাৰ প্ৰয়াসেৰে প্ৰত্যয়ৰ যাত্ৰা শীর্ষক চাইকেল যাত্ৰা আজি শুভাৰম্ভ কৰা হয়। পেৰাচাইক্লিষ্ট ৰাকেশ বৰ্ণিকৰ জৰিয়তে কৰা আৰু চাইকেল যাত্ৰা শুভাৰম্ভ কৰে বিভাগৰ অতিৰিক্ত আয়ুক্ত দিতিমনি পেগুৱে।১৫ দিনীয়াকৈ গ্ৰহণ কৰা এইলানি চাইকেল যাত্ৰাত পেৰা চাইক্লিষ্ট গৰাকীয়ে ধুবুৰী,কোকৰাঝাৰ,বঙাইগাঁও, হোজাই,ডিমা হাচাও,কাছাৰ,কৰিমগঞ্জ আৰু হাইলাকান্দি জিলা সামৰি ৯৬১ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব।
 
শ্ৰীবনিকে গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত বিভাগৰ আয়ুক্তালয় পৰা আজি পোনতে ধুবুৰী অভিমুখে যাত্রা আৰম্ভ কৰে।যাত্ৰা শুভাৰম্ভ কৰি শ্ৰীমতী পেগুৱে ৰাকেশৰ এই চাইকেল যাত্ৰা প্ৰথম লানি দৰে সুকলমে সম্পন্ন হোৱা লগতে বিভাগৰ আঁচনি তথা ক’ভিড প্ৰট’কল সম্পৰ্কীয় নীতি সন্দৰ্ভত সজাগতা সৃষ্টিত সফল হ’ব বুলি আশা প্ৰকাশ কৰে। বিভাগৰ তৰফৰ পৰা প্ৰকাশ কৰি দিয়া প্ৰচাৰ পত্ৰিকা সমূহ সঠিক ভাৱে বিতৰণ কৰিবলৈ বিষয়া গৰাকীয়ে পেৰাচাইক্লিষ্ট গৰাকীক আহ্বান জনায়।
উল্লেখযোগ্য যে এই প্ৰত্যয় যাত্ৰা শীর্ষক প্ৰথমলানি চাইকেল যাত্ৰাত ৰাজেশ বৰ্ণিকে কামৰূপ, গোৱালপাৰা, বৰপেটা,ওদালগুৰি, দৰং, শোণিতপুৰ,বিশ্বনাথ, লখিমপুৰ, ধেমাজি, ডিব্ৰুগৰ,তিনিচুকীয়া, শিৱসাগৰ, গোলাঘাট,আৰু নগাঁওকে ধৰি ১৪ খন জিলা পৰিভ্রম কৰিছিল।
 
বিভাগীয় মন্ত্ৰী নৱ কুমাৰ দলে পতাকা জোকাৰি শুভাৰম্ভ কৰা এই চাইকেল যাত্ৰাত ৰাকেশে মুঠ ১৮০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছিল।আজি শুভাৰম্ভণি অনুষ্ঠানত বিভাগৰ যুটীয়া সঞ্চালক মৃগাংক চৌধুৰী আৰু চিন্ময় প্ৰকাশ ফুকনকে ধৰি আয়ুক্তালয় অন্যান্য বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.