ৰাজ্যৰ বন বিভাগত সালসলনি ঘটিছে

0 262

ৰাজ্যৰ বন বিভাগত সালসলনি ঘটিছে।শিলচৰৰ মুখ্য বন সংৰক্ষক সুমন মহাপাত্ৰক অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক ৰূপে বদলি কৰিছে।সামাজিক বদলিকৰণৰ মুখ্য বন সংৰক্ষক ৰেড্ডিছ মিশ্ৰক অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক পদলৈ বদলি কৰিছে।মুখ্য বন সংৰক্ষক (কেম্পা) সৈত্যেন্দ্ৰ সিঙক অতিৰিক্ত প্ৰধান বন সংৰক্ষক পদলৈ বদলি কৰাৰ লগতে উজনি অসম চক্ৰৰ বন সংৰক্ষক এন আনন্দক মুখ্য বন সংৰক্ষক ৰূপে বদলি কৰিছে।দেৰাডুনৰ চিএএছএফঅএছৰ ডেপুটেশ্যনত থকা ড০ শ্ৰীৰমেশ্বৰক মুখ্য বন সংৰক্ষক পদলৈ পদোন্নতি কৰিছে।
আনহাতে উত্তৰ অসম চক্ৰৰ বন সংৰক্ষক যতীন্দ্ৰ শৰ্মাক মুখ্য বন সংৰক্ষক পদলৈ পদোন্নতি দিয়া হৈছে।বন সংৰক্ষক ছলমান উদ্দিন চৌধুৰীক মুখ্য বন সংৰক্ষক ৰূপে বদলি কৰিছে।নগাঁও সংমণ্ডলৰ ডিএফঅ’ ৰাজেন চৌধুৰীক বন সংৰক্ষক পদলৈ পদোন্নতি কৰা হৈছে।
কোকৰাঝাৰৰ অতিৰিক্ত প্ৰধান মুখ্য সংৰক্ষক অনিন্দ স্বৰ্গীয়াৰীক প্ৰশাসন আৰু ভিজিলেন্সৰ অতিৰিক্ত প্রধান মুখ্য বন সংৰক্ষক পদলৈ বদলি কৰা হৈছে।এপিচিচিএফ সন্দীপ কুমাৰক নামনি অসম সংমণ্ডলৰ অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক পদলৈ বদলি কৰাৰ লগতে চিচিএফ অনুৰাগ সিঙক বিটিআৰৰ চিচিএফ হিচাপে বদলি কৰা হৈছে।
এপিচিচিএফ এছ পি বৈশিষ্টক সামাজিক বদলিকৰণৰ অতিৰিক্ত পিচিচিএফ পদলৈ আৰু বন সংৰক্ষক বংকিম শৰ্মাক তেজপুৰৰ বন সংৰক্ষক পদলৈ বদলি কৰা হৈছে।সীমান্ত আৰু সুৰক্ষা বন সংৰক্ষক পদত থকা মজিদুল হুছেইনক বন্যপ্ৰাণী বন সংৰক্ষক ৰূপে বদলি কৰাৰ লগতে ডিচিএফ ভি বসন্থনক নগাঁও সংমণ্ডলৰ ডিএফঅ’ হিচাপে নিয়ুক্তি দিয়া হৈছে।

Leave A Reply

Your email address will not be published.