ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰকল্প শুভ উদ্বোধন মুখ্যমন্ত্ৰীৰ

0 267

কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকৰী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আজি শিলচৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ জিৰো পইণ্টত নিৰ্মাণ কৰা ভূতপূৰ্ব প্ৰধান মন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ ব্ৰঞ্জৰ পূৰ্ণবয়ৰ প্ৰতিমূৰ্তি আনুষ্ঠানিক ভাৱে শুভ উন্মোচন কৰে। এই উপলক্ষে শিলচৰ ৰংপুৰ হাইস্কুল খেলপথাৰত আয়োজিত বিশাল জনসভাত কেন্দ্ৰীয় মন্ত্ৰী গৰাকী লগতে মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ জন্মদিনৰ লগত সংগতি ৰাখি পালন কৰা সুশাসন দিৱস উপলক্ষে দেশৰ কৃষক সকলক উদ্দেশ্যি প্ৰদান কৰা ভাষণৰ পোনপটীয়া সম্প্ৰচাৰো প্ৰত্যক্ষ কৰে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ জৰিয়তে দেশৰ ৯ কোটি কৃষকলৈ সৰ্বমুঠ ১৮ হাজাৰ কোটি টকাৰ অনুদান প্ৰত্যক্ষ ভাৱে তেওঁলোকৰ বেংক একাউণ্টলৈ হস্তান্তৰিত কৰিছে। আজিৰ এই অনুষ্ঠানতে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে মুখ্যমন্ত্ৰীৰ সৈতে ৰাজ্য খনৰ ৪৩৯ কিলোমিটাৰ দৈৰ্ঘ্য সামৰি ২৩৬৬ কোটি টকা ব্যয় সাপেক্ষে সৰ্বমুঠ ২৭ টা প্ৰকল্পৰ আধাশিলা স্থাপন কৰাৰ উপৰি ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। উল্লেখ্য যে এই প্ৰকল্প সমূহৰ ২০ টা প্ৰকল্পৰ আজি আধাৰশিলা স্থাপন কৰা হয় আৰু ৭ টা প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰা হয়।

এই উপলক্ষে আয়োজিত বিশাল জনসভা সম্বোধন কৰি কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ দপ্তৰৰ মন্ত্ৰীয়ে ভূতপূৰ্ব প্ৰধানমন্ত্ৰী বাজপেয়ী দেশৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ প্ৰেৰণাৰ উৎস বুলি উল্লেখ কৰি এইগৰাকী বিদুষী নেতাই নিজৰ বিচক্ষণতা , কৰ্মদক্ষতা,সততা, ৰাষ্ট্ৰীয় প্ৰতি সমপিত মনোভাৱ সংসদীয় লোকতান্ত্ৰীক ব্যৱস্থাত এক নতুন দিশৰ সূচনা কৰিছে বুলিও কয়।এই গৰাকী জননেতাৰ প্ৰতিমূৰ্তি উন্মোচন কৰিবলৈ পায় তেওঁ নিজকে অতি সৌভাগ্যবান বুলি অনুভৱ কৰিছে বুলিও কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কয়।এই গৰাকী প্ৰধান মন্ত্ৰীয়ে দেশৰ যোগাযোগ ব্যৱস্থা বিশেষকৈ পথ যোগাযোগ ব্যৱস্থা উন্নীতকৰণ বাবে লোৱা পদক্ষেপ সমূহৰ সৈতে জড়িত হোৱা সৌভাগ্য তেওঁ লাভ কৰিবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে বাজপেয়ী স্বপ্ন বাস্তৱায়িত কৰাৰ দিশত বৰ্তমান কেন্দ্ৰীয় চৰকাৰে সফল হৈছে বুলি কয়।বাজপেয়ীয়ে দেশক যি দিছিল সেয়া সকলোৱে বাবে আদৰ্শ স্বৰূপ বুলি উল্লেখ কৰি এই গৰাকী নেতাক দেশৰ জনতাই কেতিয়াও পাহৰিব নোৱাৰে বুলি তেওঁ কয়।লগতে কয় য়ে এইগৰাকী মন্ত্ৰী শক্তিশালী বৰঙনিৰে বৰ্তমান কেন্দ্ৰীয় চৰকাৰে দেশৰ বিশেষকৈ গ্ৰামোন্নয়নৰ যোগাযোগ ব্যৱস্থা সূচলতা কৰাৰ দিশত সফলতা লাভ কৰিছে বুলিও কয়।
বৰাক নদীৰ ওপৰত আৰু দুখন দলং নিৰ্মাণ কৰা বাবে মুখ্যমন্ত্ৰীয়ে জনোৱা আহ্বান প্ৰতি সঁহাৰি জনাই কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে বৰাক নদীৰ ওপৰত আৰু দুখন দলং নিৰ্মাণ কৰা হ’ব বুলি আজি ঘোষণা কৰে যোগীঘোপাত আজি কিছু দিনৰ আগতে নিৰ্মাণৰ শুভাৰম্ভ কৰা মাল্টিমডেল লজিষ্টিক পার্কৰ লেখীয়া বৰাক উপত্যকাতো মাল্টিমডেল লজিষ্টিক পার্ক নিৰ্মাণৰ পদক্ষেপ লোৱা হ’ব বুলি কয়। কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে লগতে বালিচেৰা-হাৰাংগাজা ৰাষ্ট্ৰীয় ঘাইপথ ২০২২ চনৰ মাৰ্চ মাহৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব বুলি কয়।তেওঁ লগতে জাতিংগা-হাৰাংগাজা,হাৰাংগা ছা- মাহুৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কাৰ্য অহা মাৰ্চ মাহৰ পৰা আৰম্ভ হ’ব বুলি কয়।লগতে ৰাজ্য খনৰ ১৯ টা প্ৰকল্প সামৰি আগন্তুক বৰ্ষত আৰম্ভ হবলগীয়া কিছু সংখ্যক পথ যোগাযোগ ব্যৱস্থা কাম কাজৰো আভাস দাঙি ধৰে।
কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে লগতে ব্ৰক্ষ্মপুত্ৰ ওপৰত ৫ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া ধুবুৰী ফুলবাৰী দলঙৰ ভূমি পূজন কৰা হ’ব বুলিও তেওঁ কয়। কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ৰাজ্য খনৰ ব্ৰক্ষ্মপুত্ৰ, বৰাককে ধৰি নদীসমূহ জল পৰিবহন ব্যৱস্থা অধিক শক্তিশালী কৰা হ’ব বুলি কয়। ভাষণ প্ৰসংগত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালয়ে বৰাক, ব্ৰক্ষ্মপুত্ৰ উপত্যকাকে ধৰি ৰাজ্যখনৰ সামগ্ৰিক উন্নয়নৰ বাবে লোৱা সক্ৰিয় পদক্ষেপ ভূয়সী প্ৰশংসা কৰে।
অনুষ্ঠানত ভাষণ প্ৰসংগত মন্ত্ৰী সোনোৱালে পবিত্ৰ বৰদিন উপলক্ষে জনসাধাৰণক শুভেচ্ছা আৰু ওলগ জনোৱা উপৰি বাজপেয়ী পবিত্ৰ জন্মদিন উপলক্ষে প্ৰয়াত নেতাগৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীয়ে লগতে শিলচৰত মিনি চেক্ৰেটিৰীয়েট ভৱনৰ নিৰ্মাণৰ কাম-কাজ অতি কম দিনৰ ভিতৰতে আৰম্ভ হ’ব বুলি কয়।মুখ্যমন্ত্ৰীযে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আত্মনির্ভয় ভাৰত গঢ়াৰ যি লক্ষ্য সেই লক্ষ্য বাস্তৱায়িত কৰাৰ বাবে অসম আত্মনিৰ্ভয় অসম গঢ়ি তোলা দিশত নতুন প্ৰজন্মক কঠোৰ পৰিশ্ৰম বাবে আহ্বান জনায়।
আজি অনুষ্ঠানত শিলচৰ লোকসভা সমষ্টিৰ সাংসদ ডাঃ ৰাজদ্বীপ ৰয়,অসম বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ তথা হাউছফেডৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস,ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী,পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য,অসম বিধান সভাৰ উপাধ্যক্ষ আমিনুল হক লস্কৰ ,সাংসদ কৃপানাথ মাল্লা,মন্ত্ৰী কবিন্দ্ৰ পুৰকায়স্ত,কাছাৰ জিলা উপায়ুক্ত কীৰ্তি জালিকে ধৰি বহু সংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.