ৰাষ্ট্ৰীয় পোষণ মাহ উদযাপন

0 293

ৰাষ্ট্ৰীয় পোষণ মাহ ২০২০ উপলক্ষে আজি দক্ষিণ কামৰূপৰ মিৰ্জাৰ ১নং চক্ৰৰ কোঁচপাৰা গাঁৱৰ অঙ্গনবাদী কেন্দ্ৰত এখন সজাগতা সভা অনুষ্ঠিত হয়। ছয়ানী বৰদুৱাৰ শিশু উন্নয়ন প্ৰকল্পৰ বিষয়ববীয়া, অঙ্গনবাৰী কৰ্মী আৰু সহায়িকাসকলে দিন জোৰা কাৰ্যসূচীৰে আয়োজন কৰা এই অনুষ্ঠানটিৰ মূল উদ্দেশ্য হৈছে জন্মৰ পৰা ছয় বছৰৰ শিশু, গৰ্ভৱতী আৰু প্ৰসুতি মাতৃ সকলে পুষ্টিহীনতাত ভুগিব লগীয়া নহয়।
 
 
শিশুৰ উচ্চতা আৰু ওজন পৰীক্ষা কৰা পোষণ মেলা আদি বিভিন্ন কাৰ্য্যসূচীৰ উপৰিও সভাখনৰ জৰিয়তে কেনেদৰে সকলোৱে নিজ নিজ ঘৰতে এখনকৈ পাচলি বাগিচা কৰাৰ লগতে প্ৰয়োজনীয় ভিটামিন কেলচিয়াম পাব পাৰি তাৰ ওপৰতো গুৰুত্ব দিয়া। মঞ্জু চৌধুৰীৰ নেতৃত্বত অনুষ্ঠিত কৰা এই সভাত সভাপতিত্ব কৰে ভাৰত দাসে। ইয়াৰ উপৰিও উপস্থিত থাকে ছয়ানী,বৰদুৱাৰ শিশু উন্নয়ন প্ৰকল্পৰ প্ৰকল্প বিষয়া মণিকা কাকতি ভৰালী, ব্লক কৰ্ডিনেটৰ ৰুলিমা শৰ্মা , প্ৰজেক্ট সহকাৰী নিতুমণি নাথ, এ.এন.এম নিলাক্ষী বায়ন, ধনমণি কলিতা, বটীয়াপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পৰেশ দাস, গাওঁবুঢ়া জীৱন দাসৰ লগতে বহুকেইগৰাকী ব্যক্তি উপস্থিত থাকে।
খবৰ যুগুতালে জিতুমণি দাসে

Leave A Reply

Your email address will not be published.