UPSC ৰ IES পৰীক্ষাত দেশৰ ভিতৰত চতুৰ্থ স্থান লাভ কৰিলে তেজপুৰৰ অসীমে

0 234

পুনৰ কেন্দ্ৰীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাত উজিলল অসম সন্তান।কেন্দ্ৰীয় লােকসেৱা আয়ােগ চমুকৈ UPSC ৰ CAPF ৰ পৰীক্ষাত স্থান দখল কৰা তেজপুৰৰ নেহা বৰাৰ পাছত এইবাৰ UPSC ৰ IES পৰীক্ষাত ৰাষ্ট্ৰীয় পৰ্যায়ত চতুৰ্থ স্থান দখল
কৰিলে তেজপুৰৰ অসীম গােস্বামীয়ে।উল্লেখ্য যে অসমী গােস্বামী তেজপুৰৰ কমাৰ চুবুৰী নিবাসী তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক বিৰাজ মোহন গোস্বামী আৰু নিভা গোস্বামীৰ একমাত্ৰ সন্তান।অসীম গোস্বামীয়ে UPSC ৰ অধীনৰ IES (ইণ্ডিয়ান ইঞ্জিনিয়াৰিং চাৰ্ভিছ) ৰ পৰীক্ষাত দেশৰ ভিতৰতে চতুৰ্থ স্থান দখল কৰিবলৈ সক্ষম হৈছে।অসমীৰ এনে সাফল্যত উৎফুল্লিত হৈ পৰিছে বৃহত্তৰ তেজপুৰবাসী।তেখেত সম্প্ৰতি গুৱাহাটীৰ নাৰেংগীস্থিত ৰাজ্যৰ শক্তি বিভাগৰ অধীনস্থ এ ই জি চি এলৰ সহঃ প্ৰবন্ধক হিচাপে কৰ্মৰত হৈ আছে।

Leave A Reply

Your email address will not be published.