পিঙ্কাথন: নাৰীসৱলীকৰণত এখোজ

0 364

PINKATHON_lOGO (1)

এখন সমাজ গঠনত নাৰীৰ ভূমিকা অপৰিসীম । কিন্তু দুৰ্ভাগ্যৰ কথা অন্যান্য  সকলো ক্ষেত্ৰৰ দৰে স্বাস্থ্য সচেতনতাৰ ক্ষেত্ৰতো নাৰী সকল সৰ্বদা অৱহেলিত হৈ আহিছে । নাৰী সকলৰ স্বাস্থ্য সচেতনতালৈ যুগান্তৰকাৰী পৰিবৰ্তন অনাৰ উদ্দেশ্যৰে আৰম্ভ হৈছে পিঙ্কাথন । পিঙ্কাথন মূলতঃ এক মৰাথন দৌৰ । ইয়াৰ উদ্দেশ্য্ নাৰী সকলক এটা সক্ৰিয় জীৱন শৈলী আৰু  সু স্বাস্থ্যৰ প্ৰতি সজাগ কৰাৰ লগতে স্তনৰ কৰ্কট ৰোগ আৰু bone health ৰ বিষয়ে অৱগত কৰা। এগৰাকী নাৰীয়ে সকলো দিশত আগুৱাই যাব পাৰে যদিহে তেঁও সুস্বাস্থ্যৰ গৰাকী হয় । এখন ঘৰৰ মুল আধাৰ নাৰীগৰাকী যদি সুস্থ হয় তেন্তে ঘৰখনৰ উন্নতিৰ কাৰকো হয়, আৰু এখন ঘৰৰ উন্নতি মানে এখন দেশৰ উন্নতি, এই বিশ্বাস পিঙ্কাথনৰ প্ৰতিষ্ঠাপক জনপ্ৰিয় মডেল, অভিনেতা মিলিন্দ সুমনৰ।

3

United Sister Foundation and Maximus Event ৰ ৰিমা সাংম্ভি আৰু অভিনেতা মডেল মিলিন্দ সুমনে ২০১৫ চনৰ পৰা ভাৰতৰ ৮ খন চহৰত পিঙ্কাথন অনুষ্ঠিত কৰি আহিছে। গুৱাহাটীতো ২০১৫ চনৰ ২৭ ছেপ্তেম্বৰত প্ৰথম বাৰৰ বাবে পিঙ্কাথন দৌৰ আয়োজন হয় যায়। তাত প্ৰায় ৩৩০০ গৰকীতকৈ অধিক অংশগ্ৰ্হণকাৰীয়ে অংশ লয় । পিঙ্কাথনৰ প্ৰথমবাৰৰ অভূতপুৰ্ব সফলতাৰ পাছত দ্বিতীয়বাৰলৈ অনুষ্ঠিত কৰিবলৈ লৈছে অহা ১৮ ছেপ্তেম্বৰত সোনাৰাম উ.মা. বিদ্যালয়ৰ প্ৰাংগনৰ পৰা । ইয়াত যোগদান কৰিবলৈ পঞ্জীয়ন কৰা হয়। এই পঞ্জীয়নৰ দ্বাৰা সংগৃহীত সমুদায় ধণৰাশি কৰ্কট ৰোগীৰ সকলৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয় ।

4


পিঙ্কাথনত মাৰাথন দৌৰৰ লগতে সংগতি ৰাখি আৰু এটা অনুষ্ঠান পতা হয় যাৰ নাম Cancer Shero Trek । এই অনুষ্ঠানৰ জৰিয়তে কৰ্কটৰোগ জিনি অহা লোকসকলক ‘I inspire’ শীৰ্ষক বঁটাৰে সন্মানিত কৰা হয়। ইয়াৰ লগতে  পিঙ্কাথনৰ অংশগ্ৰহণকাৰী সকলৰ বাবেও বিভিণ্ণধৰণৰ কাৰ্যসূচী অনুষ্ঠিত হয় য’ত বিশেষ ভাবে গুৰুত্ব প্ৰদান হয় মূকবধিৰ অংশগ্ৰহণকাৰী সকলক । এই মাৰাথনত তেওঁলোকক যথেষ্ট উৎসাহ দিয়া হয়। এই দৌৰ চাৰি ভাগত হয় ৩কিঃমিঃ, ৫কিঃমিঃ,১০কিঃমিঃ আৰু ২১কিঃমিঃ । অংশগ্ৰহণকাৰী সকলক উৎসাহ জনোৱাৰ বাবে তিনিজন mascot ঘোষণা কৰা হয়।

2

মিলিন্দ সুমনৰ মতে সুস্থ সুঠাম জীৱনশৈলীয়েই এগৰাকী মহিলাৰ সবলীকৰণৰ প্ৰথম পদক্ষেপ। আমাৰ ভাৰতীয় মহিলা সকলে সংস্কাৰক দোহাই দি ওলাই নাহে। আমি ৮খন মহানগৰত পিঙ্কাথন কৰিলো, ১০০০০ তকৈ অধিক মহিলাই আমাৰ অনুষ্ঠানত যোগ দিলে। তেওঁলোকে দৌৰোতে শাৰী, চেলৱাৰ যি পিন্ধিয়েই সুচল অনুভৱ কৰে সেয়া পিন্ধিয়েই দৌৰিছে। মহিলাসকলে নিজকে সুস্থ সবল কৰি ৰাখিবলৈ দৈনিক ব্যায়াম ,যোগভ্যাস আদিৰ বিষয়ে সজাগ হ’ব লাগিব । তেতিয়াহে সমাজ সচেতন হব আৰু সমাজখন সচেতন হলেহে দেশ খনো শক্তিশালী হব। পিঙ্কাথনে এই বাৰ্তা সকলোকে দিব বিচাৰে। আহক, আমিও সকলোৱে পিঙ্কাথনত যোগ দিও আৰু এখোজ আগবঢ়াও নাৰী সৱলীকৰণত। পিঙ্কাথনৰ মহৎ উদ্দেশ্য সফলকাম হওঁক,তাৰেই শুভেচ্ছা জনালোঁ ।

জুপিতৰা দত্ত

Photo courtesy: Monali Bhardwaj

Leave A Reply

Your email address will not be published.