মহানগৰীত মাজুলী! কথাষাৰ শুনি হয়তো আপোনাৰ আচহুৱা লাগিছে। এই অবাস্তৱ যেন লগা কথাষাৰ বাস্তৱত ৰূপ দিবলৈ এদল শ্ৰমিকে প্ৰস্তুতি অব্যাহত ৰাখিছে। অহা ১২ ডিচেম্বৰত জাপানৰ প্ৰধানমন্ত্ৰী অসমলৈ আহিব তাৰ বাবে সমগ্ৰ মহানগৰীতে প্ৰস্তুতি অব্যাহত আছে। বিশেষকৈ বিমান বন্দৰৰ পৰা আৰম্ভ কৰি লাচিত ঘাটলৈকে সৌন্দৰ্য বৰ্দ্ধনৰ বাবে ফুল ৰুইছে, ৰং কৰিছে আৰু আদৰ্শ গাঁও স্থাপন কৰিছে। উল্লেখযোগ্য যে মহানগৰীৰ লাচিত ঘাটৰ সমীপত প্ৰায় ১০০০ জন শ্ৰমিকে আদৰ্শ গাঁও সজোৱাত ব্যস্ত আছে। জানিব পৰা মতে আদৰ্শ গাঁৱত থাকিব ভড়াল, নামঘৰকে আদি কৰি অসমীয়া পৰম্পৰাগত সংস্কৃতিৰ বহু সমল।আনহাতে মিচিং, তিৱা, জনগোষ্ঠীৰ ঘৰ সমূহ সুন্দৰকৈ নিৰ্মাণ কৰাৰ প্ৰয়াস কৰিছে। জাহাজৰ সমীপত চাহৰ বাগান সাজি উলিয়াইছে। জানিব পৰা মতে অহা ১১ ডিচেম্বৰত এই সমূহ কাম সম্পূৰ্ণ হৈ উঠিব। লাচিত ঘাটৰ সমীপত গঢ়ি উঠা এই গাঁওখনে নিসন্দেহে সকলোকে আকৰ্ষিত কৰিব।
Trending
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন