অহা ৯নৱেম্বৰত কলাক্ষেত্ৰৰ প্ৰতিষ্ঠা দিৱস উদযাপন হ’ব

0 474

অহা ৯ নৱেম্বৰত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰই ২২বছৰ অতিক্ৰম কৰি ২৩ বর্ষত ভৰি দিব।এই উপলক্ষে আয়োজিত এক সংবাদমেলত কলাক্ষেত্ৰৰ উপসভাপতি আগুৰলতা ডেকাই কয় যে ৯ নৱেম্বৰত কলাক্ষেত্ৰৰ এটা নতুন ৱেবচাইট মুকলি কৰা হ’ব।
 
 
নৱবৰ্ষৰ পৰা প্ৰতিটো শনি আৰু ৰবিবাৰে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব।এই সম্পৰ্কে কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰে কয় এতিয়াৰে পৰা কলাক্ষেত্ৰত অসমীয়া ভাষা ব্যৱহাৰ হ’ব। নতুনকৈ নতুন দিল্লী,ডিব্ৰুগড়, কোকৰাঝাৰ, ডিফু,শিলচৰত ৫ টা কলাক্ষেত্ৰৰ নতুন চৌহদ নির্মান কৰা হ’ব।
 
অহা ৯ নৱেম্বৰত কলাক্ষেত্ৰ আনুষ্ঠানিক ভাৱে পৰ্যটকৰ বাবে মুকলি হ’ব।উল্লেখযোগ্য যে অহা ৯ নৱেম্বৰত কলাক্ষেত্ৰৰ ৰংঘৰৰ বাকৰি কলাক্ষেত্ৰৰ প্ৰতিষ্ঠা দিৱস উদযাপন হ’ব। আজি এই সংবাদমেলত কলাক্ষেত্ৰৰ সমূহ বিষয়ববীয়া উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.