ক’ভিড১৯ আৰোগ্যৰ ক্ষেত্ৰত দেশৰ ভিতৰত অসম তৃতীয়

0 215

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান মিছনৰ কাৰ্যালয়ত আজি এখন সংবাদমেল সম্বোধন কৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংবাদমেলত মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যত এতিয়ালৈকে যিমানকেইগৰাকী লোক ক’ৰণা ভাইৰাছত আক্ৰান্ত হৈছে সেই সকলৰ ভিতৰত বহুকেইগৰাকী লোক আৰোগ্য হৈ উঠিছে। ক’ভিড আক্ৰান্ত ৰোগীৰ আৰোগ্যৰ ক্ষেত্ৰত দেশৰ ভিতৰত অসম তৃতীয় স্থানত আছে।
 
 
এতিয়ালৈকে ৰাজ্যত ক’ৰণাত আক্ৰান্ত লোকৰ সংখ্যা ৫৫৮৬গৰাকী। আনহাতে আৰোগ্যৰ সংখ্যা ৩৫২১গৰাকী। এতিয়ালৈকে অসমত আৰোগ্যৰ শতাংশ ৬১। এই পৰ্যন্ত অসমত সৰ্বমুঠ ১০জন লোকৰ মৃত্যু হৈছে।
 
 
মহানগৰীত সামাজিক সংক্ৰমণ হোৱা বুলি সংবাদমেলত মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই। সাম্প্ৰতিক সময়ছোৱাত সমগ্ৰ গুৱাহাটী মহানগৰীৰে পৰিস্থিতি ভাল নহয় বুলি কয় মন্ত্ৰীগৰাকীয়ে।মহানগৰবাসীয়ে সামাজিক ব্যৱধানৰ লগতে মাস্ক পৰিধান কৰাটো অত্যন্ত প্ৰয়োজনীয় বুলি কয়। আগন্তুক ৭ বা ৮ দিনৰ ভিতৰত ক’ভিডৰ বাবে গুৱাহাটীৰ অৱস্থা বেয়া হৈ পৰিব পাৰে বুলি কয়। ইয়াৰ বাবে মহানগৰবাসীৰ সহযোগিতা অত্যন্ত প্ৰয়োজনীয় বুলিও সংবাদমেলযোগে  মন্ত্ৰী গৰাকীয়ে কয়।

Leave A Reply

Your email address will not be published.