গঙ্গা এখনি বোঁৱতী হিয়াৰ দৃশ্যগ্ৰহণৰ পৰ্ব সম্পন্ন

0 292

এখন পৰিয়ালকেন্দ্ৰিক ছবি।ছবিখনত প্ৰতিফলিত হৈছে মাক আৰু জীয়েকৰ মৰম আবেগৰ নিভাঁজ সম্পৰ্ক। ছবিখনৰ নাম গঙ্গা -এখনি বোৱতী হিয়া । ছবিখন পৰিচালনা কৰিছে মণি সিনহাই।ছবিখনৰ শ্বুটিং কালি সমাপন হৈছে। ৰাজ্য খনৰ বিভিন্ন ঠাই যেনে চান্দডুবি, উমছুৰ , পলাশবাৰী, গুৱাহাটী আদিত ছবিখনৰ দৃশ্যগ্ৰহণ কৰিছে।


ছবিখনত অভিনয় কৰিছে মোহময়ী অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ, ৰাগ ঐনিতম, অৰূপ বৈশ্য, মুনমী কলিতা, যোগেশ কাশ্যপ, সঞ্জীৱ শৰ্মাৰ দৰে তাৰকা শিল্পীসকলে।অন্যান্য চৰিত্ৰত অভিনয় কৰিছে প্ৰণৱ শৰ্মা, ভাৰ্গব কটকী, অমিতাভ ৰাজখোৱা, বিশাল গগৈ, দীপাংকৰ, ভৈৰৱজ্যোতি ভূঞা, শিশুশিল্পী বেবি সৃষ্টি, অভিলাছা ডেকা আদিয়ে । ছবিখনৰ সংগীত কৰিছে অজয় ফুকনে আৰু সম্পাদনা কৰিছে সমুজ্জল কাশ্যপে।

Leave A Reply

Your email address will not be published.