আমাক এজন লাচিত লাগে

0 229

আজি লাচিত দিৱস।বীৰ সেনানী লাচিত বৰফুকনৰ জন্মদিন।এই বিশেষ দিনটো যিদৰে উদযাপিত হ’ব লাগিছিল আজি সেইদৰে উদযাপন কৰা দেখা নগ’ল।নিৰ্বাচনৰ  বতাহৰ বাবেই হওক কিম্বা অন্য কাৰণতে হওক ঠাই বিশেষে অনুষ্টুপীয়াকে উদযাপন কৰাৰ বাতৰি আমালৈ আহিছে ।সম্প্ৰতি অসমৰ পৰিস্থিতিত লাচিতৰ আদৰ্শ,কৰ্মপন্থা প্ৰাসংগিক হৈ উঠিছে ।লাচিত আদৰ্শৰে অনুপ্ৰাণিত নহৈ একাংশ দিশহাৰা হৈ পৰিছে ।ই অসমৰ বাবে ভয়াবহ হৈ পৰিছে ।কোনেও কাৰোৰে কথা নুশুনা হৈছে।ইয়াৰ বাবে দায়ী কোন, সেয়া সকলোৱে জ্ঞাত।শিক্ষিত নিবনুৱাই ঘৰ এৰি অৰণ্যলৈ গমন কৰিছে ।এনে পৰিস্থিতিয়ে কেন্দ্ৰীয় চৰকাৰকো শংকিত কৰি তুলিছে।প্ৰশ্ন হয় দেশৰ এনে পৰিস্থিতিক সলনি কৰিবলৈ চৰকাৰে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে? নে ৰাইজে পদক্ষেপ ল’ব লাগিব!এনেবোৰ কাৰণতে সাধাৰণ জনগণে পদক্ষেপ ল’বলৈ বাধ্য হয়।ৰাজপথত ওলাই আহি আন্দোলন কৰিবলৈ বাধ্য হয়।কিন্তু আন্দোলনে জানো সমস্যাক সমাধান কৰিব!এই সময়তে এজন লাচিতৰ প্ৰয়োজন হয়।যি জনে স্বদেশ, স্বজাতিৰ ৰক্ষাৰ বাবে অনায়াসে সকলো কৰিব পাৰে।যি জনে ব্যক্তিগত চিন্তা পৰিহাৰ কৰি সমাজৰ, দেশৰ মংগলৰ কথা চিন্তা কৰি দেশখনক সুস্থিৰ কৰি তুলিব পাৰে,আমাক এনে এজন লাচিতক লাগে।

Leave A Reply

Your email address will not be published.