আমেৰিকাৰ উপৰাষ্ট্ৰপতি কমলা হেৰিছৰ কিছু কথাৰে

0 327

কমলা হেৰিছ। বিশ্বত এই মুহূৰ্তত সৰ্বাধিক চৰ্চিত এই নাৰী। ভাৰতীয় বংশোদ্ভৱ এই কমলা আমেৰিকাৰ প্ৰথমগৰাকী মহিলা উপ-ৰাষ্ট্ৰপতি। তেওঁৰ ধমনিত আছে তিনিখন দেশৰ তেজ আফ্ৰিকা, আমেৰিকা আৰু এছিয়া।
 
 
১৯৬২ চনত যেতিয়া আমেৰিকাত কৃষ্ণাংগসকলে শেতাংগৰ দাসত্বৰ শিকলি চিঙাৰ যুঁজ আৰম্ভ কৰিছিল, সেই সময়তে কেৰ্লিফৰ্ণিয়া বিশ্ববিদ্যালয়ত জামাইকাৰ পৰা অহা এক গৱেষক ছাত্ৰ সৈতে পৰিচয় হয় এগৰাকী ভাৰতীয় ছাত্ৰীৰ। ঔপনিৱেশিকতাৰ সূত্ৰ ধৰিয়েই ঘনিষ্ঠতা বাঢ়িছিল দুয়োৰে। বিশ্ববিদ্যালয়ত বিভিন্ন সময়ত ঔপনিৱেশিকতাৰ বিৰুদ্ধে তেজোদ্বীপ্ত ভাষণ দিছিল হেৰিছ নামৰ জামাইকাৰ যুৱকজনে। মোৱাচ্ছন্ন হৈছিল তামিলনাডুৰ শ্যামলা গোপালন।
 
 
এটা সময়ত কেৰ্লিফৰ্ণিয়া বিশ্ববিদ্যালয়ত আৰম্ভ হোৱা নাগৰিক অধিকাৰ আন্দোলনৰ চামিল হৈ পৰে হেৰিছ আৰু শ্যামলা। দুয়ো বিবাহ পাশত আবদ্ধ হয়। ১৯৬৪ চনত তেওঁলোকৰ এটি কন্যা সন্তান জন্ম হয়, নাম ৰাখিছে কমলা হেৰিছ। সেই কমলাই এইবাৰ ইতিহাস ৰচনা কৰিলে আমেৰিকাত। কিন্তু কন্যাই এই ইতিহাস ৰচনা কৰা মুহূৰ্ত দেখিবলৈ নাপালে শ্যামলাই। ২০০৯ চনত তেওঁ প্ৰয়াত হয়। সেই বিদ্ৰোহী মাতৃক ৰাষ্ট্ৰক সম্বোধী দিয়া প্ৰথমতো ভাষণতে স্মৰণ কৰিলে নৱ-নিৰ্বাচিত উপ-ৰাষ্ট্ৰপতিয়ে। অৱশ্যে হেৰিছ আৰু কমলাৰ সংসাৰ বৰ বেছিদিন টিকি থকা নাছিল, কমলাৰ ৭ বছৰ বয়সতে দুয়োৰে বিচ্ছেদ হৈছিল। হেৰিছ গুচি গৈছিল অৰ্থনীতিৰ অধ্যাপনা কৰিবলৈ, শ্যামলা বৰ্তি হৈছিল চিকিত্‍সা বিজ্ঞানৰ গৱেষণাত। শ্যামলা নামিছিল নাৰী অধিকাৰৰ বাবে সংগ্ৰামতো। কমলাৰ এই জীৱনত আটাইতকৈ বেছি প্ৰভাৱ মাকৰ। এফ্ৰো-আমেৰিকা-ভাৰতীয় সংস্কৃতিত গঢ়ি উঠিছিল আমেৰিকাৰ নৱ-নিৰ্বাচিত উপ-ৰাষ্ট্ৰপতি। মাক-দেউতাক স্মৃতি বিজড়িত কেৰ্লিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ পৰাই তেওঁ লৈছিল স্নাতক ডিগ্ৰী। উপ-ৰাষ্ট্ৰপতি হৈয়ে কমালৰো ঘোষণা- মই প্ৰথম মহিলা কিন্তু শেষ নহয়।
 
২০১৬ চনত প্ৰথমবাৰৰ বাবে প্ৰত্যক্ষ ৰাজনীতিত যোগদান কৰি মাত্ৰ চাৰি বছৰৰ ভিতৰতে ইতিহাস ৰচনা কৰিলে কমলাই। নিৰ্বাচনী প্ৰচাৰ অভিযানৰ সময়তে নাতিনীয়েকৰ সৈতে কমলাৰ এটা ১২ ছেকেণ্ডৰ ভিডিঅ’ ভাইৰেল হৈছিল, য’ত কমলাই নাতিনীয়েকক উত্‍সাহ দিছিল ৩৫ ‍বছৰ হ’লে তেৱো আমেৰিকাৰ ৰাষ্ট্ৰপতি হ’ব পাৰিব বুলি।
আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত সংঘটিত ফ্ৰয়েডৰ হত্যাকাণ্ডৰ পিছতে সম্ভাৱনা হঠাতে বৃদ্ধি পায় কমলা হেৰিছৰ। এটা সময়ত কঠোৰ সমালোচক বাইডেনকো তেওঁ আকৰ্ষণ কৰে। বাইডেনৰ বিজয়ত এই কমলাৰ অৰিহণাই অধিক। ৰাষ্ট্ৰপতি ট্ৰাম্পে বৰ সহজভাৱে লৈছিল কমলাক।
কোনো গুৰুত্ব দিবলগীয়া প্ৰাৰ্থী বুলি গণ্যই কৰা নাছিল, সেয়াই ভুল হ’ল ট্ৰাম্পৰ। একালত ককাৰ হাতত ধৰি কমলাই সাগৰৰ পাৰত বিয়লি ফুৰিবলৈ ভাল পাইছিল, সেই কমলাৰে হাতত ধৰি এতিয়া নতুন দিগন্তৰ সন্ধান কৰিছে এফ্ৰো-আমেৰিকান-ভাৰতীয়সকলে।

Leave A Reply

Your email address will not be published.