আয়’ডিনৰ অভাৱজনিত ৰোগৰ প্ৰতিৰোধ দিৱস পালন

0 377

WhatsApp Image 2017-10-21 at 4.44.53 PM

হাঁহি থকা সূৰ্য্যৰ চিহ্ন আয়’ডিনযুক্ত নিমখৰ প্ৰতীক। আয়’ডিনৰ অভাৱত বহু ৰোগত ৰোগীসকল আক্ৰান্ত হয়। সাধাৰণতে আয়’ডিনৰ অভাৱত বাওনা হয়, মানসিক ভাৱে বিকাৰগ্ৰস্ত  হয়, গৰল ৰোগ হয়, গৰ্ভৱতী মহিলাৰ গৰ্ভপাতৰ সম্ভাৱনা বৃদ্ধি হয়। সেয়েহে আমি প্ৰত্যেকেই আয়’ডিনযুক্ত নিমখ খোৱা উচিত। বিশ্বত ২০০ মিলিয়ন আয়’ডিনৰ অভাৱত ৰোগাক্ৰান্ত হয়। এই মন্তব্য  NRHM ৰ ড° অচ্যুত বৈশ্যৰ।

WhatsApp Image 2017-10-21 at 4.45.28 PM

আজি কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা আয়’ডিনৰ অভাৱজনিত ৰোগৰ প্ৰতিৰোধ দিৱসত অংশগ্ৰহণ কৰি ড° বৈশ্যই মন্তব্য কৰে যে এটা আলপিনৰ মূৰৰ সমান ১৫০ মাক্ৰ’গ্ৰাম  আয়’ডিন আমাৰ সকলোকে প্ৰয়োজন। এই আয়’ডিনৰ অভাৱ হ’লে  বিভিন্ন ৰোগত আক্ৰান্ত হয়। এই দিৱসৰ লগত সংগতি ৰাখি নাটক প্ৰদৰ্শিত হয়। লগতে কিদৰে আয়’ডিনহীনতা ৰোধ কৰিব পাৰি সেই সম্পৰ্কে অভিভাৱক, ছাত্ৰ-ছাত্ৰী তথা আশাকৰ্মী সকলক বুজায় দিয়া হয়। অসম স্বাস্থ্য সেৱা সঞ্চালকালয় সহযোগত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে এই দিৱসটো উদযাপন কৰে।

Leave A Reply

Your email address will not be published.