ভাইৰাছৰ আতংকই গ্ৰাস কৰিছে সমগ্র দেশ।কাৰণ চীনৰ য়ুহান প্ৰদেশত কোৰোনা নামৰ অচিন ভাইৰাছৰ বাবে বহুকেইজন লোক মৃত্যু হৈছে।ভাৰতৰ বিভিন্ন বিমান বন্দৰত ইতিমধ্যে সতৰ্কতা অৱলম্বন কৰিছে।চিকিৎসকৰ মতে ই প্ৰাকৃতিকভাৱে জন্ম হোৱা ভাইৰাছ।প্ৰথমে জীৱ জন্তু,তাৰ পাছত মানুহৰ শৰীৰত এই ভাইৰাছৰ সংক্রমণ হয়।এই ভাইৰাছত আক্রান্ত লোকসকলৰ শ্বাস প্ৰশ্বাসত কষ্ট হয়,ডিঙিৰ বিষ হয়,জ্বৰ,চৰ্দি ইত্যাদি লক্ষণে দেখা দিয়ে।আমেৰিকাতো এই ভাইৰাছবিধৰ অৱস্থিতি ধৰা পৰিছে।উল্লেখযোগ্য যে এই ৰোগৰ কোনো চিকিৎসা নাই।সেয়েহে চীন ভ্ৰমণৰ পৰা অহা দুজন ব্যক্তিক পৃথকভাৱে চিকিৎসা সেৱা আগবঢ়াইছে।তাৰ উপৰিও এই ভাইৰাছবিধৰ বাবে গণতন্ত্র দিৱসত অংশগ্রহণ কৰিবলৈ অহা দলৰ ভ্ৰমণ বাতিল কৰিছে। বিশেষকৈ ভাৰতৰ বিমান বন্দৰ সমূহত যাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষা কৰিছে।যিকোনো সময়তে এই ভাইৰাছবিধে ভাৰততো প্ৰৱেশ কৰিব পাৰে।তাৰ বাবে সকলোৱে সতৰ্কতা অৱলম্বন কৰা উচিত।কাৰণ আপোনাৰ অলপ সতৰ্কতাই জীৱন বচাব পাৰে।
Trending
- স্বাস্থ্য মন্ত্ৰী অশোক সিংহলৰ চৰাইদেউ, নাজিৰা, শিৱসাগৰ আৰু ডিমৌৰ বানাক্ৰান্ত অঞ্চল, সাহায্য আৰু স্বাস্থ্য শিৱিৰ পৰিদৰ্শন
- ভূই ৰোৱা উৎসৱ পালন
- প্ৰতিবছৰে বানপানীয়ে কিয় জোকাৰি যায় অসমক, ইয়াৰ স্থায়ী সমাধান আছে নে
- মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ছ’চাইটি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাজত বুজাবুজিৰ চুক্তি
- কৃষি বিজ্ঞান কেন্দ্র কামৰূপত নাচাৰ্ৰীৰ বৃত্তিমূলক পাঁচদিনীয়া প্রশিক্ষণ কাৰ্যসূচীৰ সামৰণি
- বোকাখাতৰ নুমলীগড়স্থিত বান সাহাৰ্য্য শিবিৰত আজি উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing