জাতীয় সত্বাক ৰক্ষা কৰিব লাগিব- ৰমেন ডেকা

0 253

WhatsApp Image 2017-10-27 at 7.40.40 PM

স্বদেশ, স্বজাতিৰ স্বাৰ্থত সৰৱ হৈ পৰিছে সংসদ ৰমেন ডেকাই। আজি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্য্যালয়ত আয়োজিত এক সংবাদ মেলত মংগলদৈ লোকসভাৰ সমষ্টিৰ সংসদ ৰমেন ডেকাই মন্তব্য কৰে যে কলাইগাঁও বিধানসভা সমষ্টিৰ পূব খণ্ডত খিলঞ্জীয়া সকলে সন্দেহজনক বাংলাদেশীৰ বাবে নিৰাপত্তাহীনতাত ভুগিব লগীয়া হৈছে। সেয়েহে অনতিপলমে উক্ত বৃহৎ এলেকাৰ পৰা অবৈধ বাংলাদেশী বেদখলকাৰীক উচ্ছেদ কৰি খিলঞ্জীয়া সকল সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। লগতে কি পৰিবেশ আৰু পৰিস্থিতিৰ বাবে খিলঞ্জীয়া মানুহখিনিয়ে নিজৰ মাটি ভেটি এৰি পলায়ন কৰিছে এটা ন্যায়িক তদন্ত হ’ব লাগে। এই আহ্বান জনাইছে ৰমেন ডেকাই। লগতে সংবাদ মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰী লৈ এই বাৰ্তা প্ৰেৰণ কৰিছে।

WhatsApp Image 2017-10-27 at 7.40.58 PM

উল্লেখযোগ্য যে অস্তিত্ব সংকটত ভোগা খিলঞ্জীয়া সকলৰ বাবে চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰিব সেয়া লক্ষ্যণীয় হৈ ৰ’ব।

Leave A Reply

Your email address will not be published.