দ্বিতীয়দিনাও অপৰিৱৰ্তিত মাজুলীৰ বান পৰিস্থিতি

0 425

কেইবাদিনো ধৰি ধাৰাসাৰ বৰষুণ হোৱাৰ ফলত ব্ৰহ্মপুত্ৰ আৰু সোৱনশিৰি নদীৰ জলস্তৰ বৃদ্ধি পাই আহিছে ফলত জটিল ৰূপ ধাৰণ কৰিছে মাজুলীৰ বান পৰিস্থিতিয়ে। দ্বিতীয় দিনাও অপৰিৱৰ্তিত মাজুলীৰ বান পৰিস্থিতি । জিলা খনৰ অন্তৰ্গত চামগুৰি,বাঘগাওঁ ,মলোৱাল ,চাৰিঘৰীয়া ,বৰদোৱাৰ ,লুইত চাপৰি,কৰদৈগুৰি ,বিৰিণাবাৰী,ভকতচাপৰি, শালমৰা গাঁও,বৰবোকা, অফলামুখ,দক্ষিণপাত কৈৱৰ্ত গাঁও, দক্ষিণপাত কুমাৰ গাঁও, দক্ষিণপাত কলিতা গাঁও, পুৰণি সত্ৰ, যোগীগাঁও, মেৰাগড়,কলনিবাৰী,গ্ৰেজিং, চিনাটলি,ৰতনপুৰ,নতুন বনৰীয়া চাপৰিকে আদি কৰি ৫০ খনতকৈ অধিক গাঁওত ভদিয়া বানে ৰাইজৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিছে।এই গাঁও কেইখনৰ ৰাইজৰ যাতায়ত ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে।বানাক্ৰান্তৰ মাজত খোৱা পানী, খোৱা খাদ্য সামগ্ৰী, পশুধনৰ খাদ্য সামগ্ৰী ব্যাপক ভাৱে অভাৱ হৈছে।নিৰাপদ আশ্ৰয় বিচাৰি গাঁওবাসী আশ্ৰয় শিবিৰলৈ গৈছে ।কৰতিপাৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত তিনিটা কৈ পৰিয়াল জিলা প্ৰশাসনৰ নিদেৰ্শ ক্ৰমে কৰতিপাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে।
মাজুলীৰ পৰা পল্লব বৰাৰ ৰিৰ্পট

Leave A Reply

Your email address will not be published.