আজি বিশ্ব জলাশয় দিৱস।জনসাধাৰণৰ মাজত সজাগতা,সচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্যে এই দিৱস উদযাপন হৈ আহিছে।সম্প্রতি সময়ত জলাশয় দিৱস পালন কৰাটো প্ৰাসংগিক বিষয় হৈ পৰিছে।দিনে দিনে বৃদ্ধি পোৱা বতৰৰ উষ্ণতা,পৰিবেশৰ ভাৰসাম্যতা আৰু অচিন বেমাৰৰ প্ৰাদুৰ্ভাৱে জলাশয় ধ্বংসৰ অন্যতম কাৰণ হৈ পৰিছে।জলাশয় প্ৰাকৃতিকভাৱে সৃষ্টি হয়।ই মানৱ শৰীৰৰ কিডনীৰ দৰে প্ৰকৃতিক সুৰক্ষা প্ৰদান কৰাৰ কাম কৰে।কিন্তু দুখৰ বিষয় যে আমাৰ অধিকাংশ মানুহে জলাশয়ক পিতনি বা ডাষ্টবিন হিচাপে ব্যৱহাৰ কৰে। জলাশয় অবিহনে কোনো বন্য জীৱ জন্তু জীয়াই থাকিব নোৱাৰে। কাৰণ জলাশয়ত মাটি আৰু পানী দুয়োটাৰে গুণাগুণ পোৱা যায়। আচাম চাইন্স এণ্ড এনভায়ৰমেন্ট টেকন’লজিয়ে চলোৱা এক সমীক্ষাত প্ৰকাশ পোৱা তথ্য অনুসৰি অসমত ৫০০০ জলাশয় আছে।চহৰীকৰণকে আদি কৰি বাণিজ্যিক সম্প্ৰসাৰণৰ ফলস্বৰূপে জলাশয় হ্রাস পোৱা পৰিলক্ষিত হৈছে ।এই সম্পর্কে প্ৰকৃতিবিদ বিভাস তালুকদাৰে এনেদৰে কয় আমাৰ মানুহে জলাশয়ৰ মূল্য বুজি নাপায়,পুতি পেলায় বা ধ্বংস কৰে।কিন্তু জলাশয় প্ৰকৃতিৰ কিডনী।জলাশয়ে পানী ধাৰণৰ ক্ষমতা বৃদ্ধি কৰে।আমাৰ অৰণ্যকৰ ফালৰ পৰা জলাশয় সংৰক্ষণৰ বাবে বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্রহণ কৰিছো।আমি বিচাৰো চৰকাৰেও কৃত্রিমভাৱে বৈজ্ঞানিক পদ্ধতিৰে জলাশয় সৃষ্টি কৰাৰ বাবে প্ৰয়াস চলাওক।উল্লেখযোগ্য যে অসমৰ মৰিগাঁও,নগাঁও জিলাত সৰ্বাধিক জলাশয় আছে।জলাশয় ধ্বংস কৰাৰ মূলতে আমিয়েই।আমি মানৱ জাতিয়ে আধুনিক জীৱন শৈলীৰ বাবে প্ৰকৃতিৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰিছো আৰু যি দিনাই প্ৰকৃতিয়ে আমাৰ ওপৰত বিতুষ্ট হ’ব সেইদিনাই সকলো ইতি পৰিব।সেয়ে সময় থাকোতেই প্ৰকৃতিক বচাওক,জলাশয় সংৰক্ষণ কৰক। সংগীতা শইকীয়া।
Trending
- অসমৰ পৰৱৰ্তী আৰক্ষী সঞ্চালকৰ নাম ঘোষণা
- শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ জিলাৰ বিংশতিতম বাৰ্ষিক অধিবেশন আৰম্ভ
- খানামুখত মিনি ফুটবল প্ৰতিযোগিতা আৰম্ভ
- তিনিচুকীয়াৰ জিলা প্ৰশাসনৰ সৈতে অইল ইণ্ডিয়াৰ গ্ৰামোন্নয়ন চুক্তি
- গুৱাহাটী মহানগৰীৰ উন্নয়ন সন্দৰ্ভত ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগৰ গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ মন্ত্ৰী অশোক সিংহলৰ
- কামৰূপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “পৰীক্ষা পে চৰ্চা” অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ
- কামৰূপ নিৰ্বাচন জিলাৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ
- পলাশবাৰীৰ উপৰহালীত অটল পেঞ্চন যোজনাৰ সজাগতা সভা
- গণৰাজ্য দিৱস উপলক্ষে গোলাঘাটত কৃষি মন্ত্ৰী অতুল বৰাই উত্তোলন কৰিলে ত্ৰিৰংগ পতাকা
- ধেমাজিৰ আৰ্থ-সামাজিক বিকাশ সংস্থাৰ উদ্যোগত পষেকীয়া প্ৰশিক্ষণ শিবিৰ