আজি শিশু দিৱস।সমগ্ৰ ৰাজ্যতে উলহে মালহে এই দিৱস উদযাপিত হৈছে।শিশু দিৱসৰ অন্তৰাল থকা ব্যক্তিজনে হৈছে জৱহৰলাল নেহৰু।তেখেত স্বাধীন ভাৰতৰ প্ৰথম জন প্ৰধানমন্ত্ৰী আছিল।তেখেতে শিশুসকলক খুব ভাল পাইছিল।বিশেষকৈ শিশুৰ শিক্ষাৰ প্ৰতি সজাগতা বৃদ্ধি কৰিছিল।যাৰ ফলস্বৰুপে উঠি অহা প্ৰজন্মৰ বাবে ইণ্ডিয়ান ইনষ্টিউট অৱ মেনেজমেণ্ট প্ৰতিষ্ঠাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছিল।শিশুসকলকলৈ তেখেতৰ দৰ্শন আছিল এনেধৰণৰ-আমি নিজৰ ইচ্ছানুসৰি সন্তান তৈয়াৰ কৰিব নোৱাৰো।ভগৱানে সন্তানক যি ৰুপত আগবঢ়াছে ,সেইৰুপত আমি শিশুক প্ৰেমেৰে স্বীকাৰ কৰিব লাগে।ইয়াৰ উপৰিও তেখেতে কৈছিল পৃথিৱীৰ আটাইতকৈ ভাল লগা সময় কেৱল শিশু অৱস্থাতেই পোৱা যায়।শিশু ৰাষ্ট্ৰৰ ভৱিষ্যত।কিয়নো আজিৰ শিশু কালিলৈ এখন দেশৰ নাগৰিক ।শিশুৰ শিক্ষা,অধিকাৰৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া পণ্ডিত নেহৰুৰ জন্মদিনটো সেয়েহে আজিও শিশুসকলে বিভিন্ন কাৰ্য্যসূচীৰে পালন কৰে।
Trending
- গুৱাহাটীত পৰিষ্কাৰ-পৰিচ্ছন্নতা বৃদ্ধিৰ উদ্দেশ্যে টপচেম চিমেণ্টৰ বিশ্বকৰ্মা প্ৰতিমা বিসৰ্জন অভিযান
- এন ই ফ’কাচ ডট কমৰ দশম বৰ্ষপুৰ্তিৰ উদযাপন
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন