অইল ইণ্ডিয়া লিমিটেডে গুৱাহাটীৰ বামুনিমৈদানত গুৱাহাটী কাৰ্যালয় আৰু দক্ষতা বিকাশ প্ৰতিষ্ঠান নিৰ্মাণৰ বাবে এখন ফলক উন্মোচন কৰি এক আধাৰশিলা স্থাপন অনুষ্ঠান পৰিচালনা কৰে।অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ৰামেশ্বৰ তেলী, মাননীয় ৰাজ্যিক মন্ত্ৰী,পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ আৰু শ্ৰম আৰু নিয়োগ,ভাৰত চৰকাৰ আৰু অইল ইণ্ডিয়া লিমিটেডৰ পৰিচালনা সমিতিৰ উপস্থিতিত আধাৰশিলা স্থাপন কৰি ফলক উন্মোচন কৰে।ভৱন নিৰ্মাণৰ কাম হ’বলগীয়া মাটিখিনি অসম চৰকাৰে দীৰ্ঘম্যাদী পট্টাৰ জৰিয়তে অইল ইণ্ডিয়া লিমিটেডক আবণ্টন দিছিল। অইল ইণ্ডিয়া লিমিটেড আৰু দক্ষতা বিকাশ প্ৰতিষ্ঠানৰ গুৱাহাটী কাৰ্যালয় স্থাপনৰ প্ৰক্ৰিয়া সঠিকভাৱে আৰম্ভ হৈছে আৰু প্ৰাক নিৰ্মাণৰ কাম-কাজ বহু পৰিমাণে সম্পূৰ্ণ হৈছে।যদিও অইল ইণ্ডিয়া লিমিটেডৰ পাইপলাইনৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ নাৰেংগীত থকাৰ বাবে ইতিমধ্যে গুৱাহাটীত অইলৰ উপস্থিতি আছে তথাপি বামুনিমৈদানত গুৱাহাটী কাৰ্যালয় স্থাপন কৰাৰ ফলত গুৱাহাটীত অইল ইণ্ডিয়া লিমিটেডৰ উপস্থিতি আৰু অধিক বৃদ্ধি পাব বুলি আশা কৰা হৈছে। একেদৰে একেটা স্থানতে এটা দক্ষতা বিকাশ প্ৰতিষ্ঠান স্থাপন কৰিলে স্থানীয় যুৱক-যুৱতীসকলে বিভিন্ন ব্যৱসায়ত দক্ষতা বিকাশৰ বাবেও যথেষ্ট সুযোগ লাভ কৰিব বুলি আশা কৰা হৈছে, আৰু এনেদৰেই কোম্পানীটোৱে গুৱাহাটীৰ আশে-পাশে পৰিচালনা কৰা অন্যান্য দক্ষতা বিকাশ প্ৰতিষ্ঠানসমূহৰ উপৰিও যুৱক-যুৱতীসকলক নিয়োগযোগ্য কৰি তুলিছে।
Trending
- কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ সভাত নতুনকৈ গঠন হ’ল জিলা পথ সুৰক্ষা সমিতি
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ ১৯৯৪ বর্ষৰ মিলন সমাৰোহ
- Webinar on Feminist Srimanta Sankaradeva
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ এন এছ এছ গোটৰ বান সাহাৰ্য বিতৰণ
- ব্যতিক্ৰমী আয়োজনেৰে সদ্য অৱসৰপ্ৰাপ্ত সেনা জোৱানক আদৰিলে জন্মস্থানত
- কালিকান্ত নিউজ এজেঞ্চিৰ ইলা শৰ্মা গোস্বামী সোঁৱৰণী বঁটা ঘোষণা -ৰামপুৰৰ খনীন্দ্ৰ মজুমদাৰলৈ ২০২২ বৰ্ষৰ শ্ৰেষ্ঠ বাতৰি কাকত পঢ়ুৱৈ বঁটা
- অসম সাহিত্য সভাৰ ‘গান কবিতা বৰষুণ’ শীৰ্ষক অনুষ্ঠান সম্পন্ন
- মিৰ্জাত বিশ্ব ক্ৰীড়া সাংবাদিকতা দিৱস উদযাপন
- ইন্দিৰা গান্ধী আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ দুজন শিক্ষকৰ বিদায় সভা সম্পন্ন
- চলিত বিত্তীয় বৰ্ষৰ প্ৰথম তিনি মাহত অভিলেখ সংখ্যক ৬৮কোটিৰো অধিক কৰ সংগ্ৰহ কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ে