অনুমতি পালেই ১৫০০ সোণাৰু পুলি ৰোপন কৰিব

0 358

এজন ব্যক্তি। ব্যক্তিজনে নিজা প্ৰচেষ্টাত প্ৰায় ২০হেজাৰৰ ওচৰা ওচৰি গছ ৰোপন কৰিছে।সোণাৰিৰ অৰূপ মোহন নামৰ ব্যক্তিজনে মাহমৰা ,কোঁৱৰগাৱৰ বিভিন্ন অঞ্চলত সোণাৰু, কৃষ্ণচূড়া আৰু চোম গছৰ পুলি ৰোপন কৰিছে।
 
এটা ফেচবুক পোষ্টৰ আঁত ধৰি আমি অৰূপ মোহনৰ লগত কথা পাতিছিলো। তেখেতে জনায় যে অনুমতি পালেই চৰাইদেউক এক আকৰ্ষণীয় পৰ্যটনক্ষেত্ৰ হিচাপে গঢ় দিম। পুলি ৰোপন কৰি তিনিবছৰ প্ৰতিপালনৰ দায়িত্বও পালন কৰিম। উল্লেখযোগ্য যে চৰাইদেউৰ চুকাফা মৈদাম বৰ্তমান অস্তিত্বৰ সংকটত থকাৰ নিচিনা। মৈদামৰ কাষৰীয়া অঞ্চলত সম্পূৰ্ণ নিজা খৰচত সোণাৰু গছৰ পুলি ৰোপন কৰাৰ কথা ব্যক্ত কৰে। প্ৰসংগক্ৰমে উল্লেখযোগ্য যে ইতিমধ্যে অৰূপ মোহনে পুৰাতত্ত্ব আৰু পৰ্যটন বিভাগক যোগাযোগ কৰিছে। অহা ১৫আগষ্টত তেখেতে ১৫০০ গছৰ পুলি ৰোপন কৰিব। অৰূপ মোহনে গ্ৰহণ কৰা এই প্ৰচেষ্টাক সচেতন মহলে শলাগ লৈছে।

Leave A Reply

Your email address will not be published.