গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ কোষৰ উদ্যোগত আৰু এন এছ এছৰ উত্তৰ পূব মণ্ডল আঞ্চলিক সঞ্চালকালয়ৰ সহযোগত গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত ৮ জানুৱাৰীপৰা পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে সদৌ অসম আন্তঃবিশ্ববিদ্যালয় এন এছ এছ শিবিৰ।শিবিৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়,বড়োলেণ্ড বিশ্ববিদ্যালয়,অসম কৃষি বিশ্ববিদ্যালয়,তেজপুৰ বিশ্ববিদ্যালয়,অসম ডাউন টাউন বিশ্ববিদ্যালয় আৰু আচাম ইন্সটিটিউট অব নাৰ্ছিঙৰ ২০০ গৰাকী এন এছ এছ স্বেচ্ছাসেৱকে ভাগ লয়।৮ জানুৱাৰীৰ দিনা ফণীধৰ দত্ত সভাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত পাঁচদিনীয়া শিবিৰ উদ্বোধন কৰে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক বিৰিঞ্চি কুমাৰ দাসে।এই উপলক্ষে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এন এছ এছ কোষৰ কাৰ্যসূচী সমন্বয়ক ড০ ৰঞ্জন কুমাৰ কাকতিৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে ভাগ লৈ অধ্যাপক বিৰিঞ্চি কুমাৰ দাসে এনে ধৰণৰ শিবিৰৰ জৰিয়তে এন এছ এছৰ স্বেচ্ছাসেৱক সকলৰ পাৰস্পৰিক ভাব-বিনিময় শক্তিশালী হ’ব বুলি ব্যক্ত কৰে।অনুষ্ঠানত এন এছ এছৰ উত্তৰ পূব মণ্ডলৰ কেন্দ্রীয় সঞ্চালক দীপক কুমাৰে বিশিষ্ট অতিথি হিচাপে ভাগ লৈ শিবিৰৰ লক্ষ্য আৰু উদ্দেশ্যৰ ওপৰত আলোকপাত কৰে।অনুষ্ঠানত অতিথি হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ হেমন্ত কুমাৰ নাথ,আমন্ত্রিত অতিথি হিচাপে বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহৰ সচিব ড০ দিলীপ বৰুৱা আৰু এন এছ এছৰ উত্তৰ পূব মণ্ডলৰ প্ৰাক্তন কেন্দ্রীয় সঞ্চালক সুনীল বসুমতাৰী উপস্থিত থাকে।আনহাতে ২২ জানুৱাৰীত সামৰণি পৰিবলগীয়া শিবিৰত এন এছ এছৰ স্বেচ্ছাসেৱক সকলক শান্তি আৰু ৰাষ্ট্ৰীয়তাবাদ,দক্ষতা বিকাশ,ব্যক্তিত্ব বিকাশ আৰু কেৰিয়াৰ গঢ়াকে ধৰি বিভিন্ন বিষয়ৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে।
Trending
- পলাশবাৰীৰ বৰকুছিত আৰক্ষী -প্ৰশাসন, সাংবাদিক, নিউজ পৰ্টেলৰ ক্ৰিকেট প্ৰতিযোগিতাৰ সফল সামৰণি
- গণৰাজ্য দিৱস উদযাপনৰ অংশ হিচাপে কামৰূপ জিলাৰ উপায়ুক্ত একাদশ আৰু মিডিয়া একাদশৰ মাজত অনুষ্ঠিত হ’ল প্ৰীতি ক্ৰিকেট খেল
- ডিব্ৰুগড় চহৰত অম্ৰুটৰ অধীনত নিৰ্মীয়মান পানী যোগান প্ৰকল্পসমূহ পৰিদৰ্শন মন্ত্ৰী অশোক সিংহলৰ
- জামুগুৰিহাটৰ নাহৰবাৰীত দূস্প্ৰাপ্য ঈগল চৰাই উদ্ধাৰ
- কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাত অসম ৰাজ্যিক কংগ্ৰেছ দলৰ তিনি যুৱক-৪০৮০ কিলোমিটাৰ যাত্ৰাৰ অন্তত শ্ৰীনগৰ লালচকত সামৰণী
- ঢকুৱাখনাত গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস পালন
- পথৰুঘাটৰ কৃষকৰ আত্মত্যাগৰ ইতিহাসক দেশ-বিদেশত প্রচাৰ উদ্দেশ্যে তথ্য চিত্ৰ নিৰ্মাণ কৰিব ৰাজ্য চৰকাৰে
- অসমৰ পৰৱৰ্তী আৰক্ষী সঞ্চালকৰ নাম ঘোষণা
- শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ জিলাৰ বিংশতিতম বাৰ্ষিক অধিবেশন আৰম্ভ
- খানামুখত মিনি ফুটবল প্ৰতিযোগিতা আৰম্ভ