ইণ্টাৰনেটত সাধু চাই যদি

0 369

আজিৰ পৰা কেইবছৰমান আগৰ আপোনাৰ,আমাৰ ল’ৰালিকাল কেনে আছিল বাৰু মনত পেলাওক চোন! ঢকুৱাৰ খেল, মাৰ্বল, পইচাৰ খেল আদিয়ে সময় অতিবাহিত কৰিছিলো। সন্ধ্যাৰ বেলিকা জুহালত বহি অথবা গৰমৰ দিনত চোতালত বহি আইতাৰ পৰা সাধু শুনিছিলো‌ আৰু সেই সাধুবোৰৰ পৰা ক’ৰবাত নহয় ক’ৰবাত নৈতিকতাৰ আদিপাঠ শিকিছিলো। যিয়ে সেই প্ৰজন্মক মূল্যবোধৰ শিক্ষা দিছিল।

সময়ৰ তাগিদাত আমাৰ জীৱন ব্যস্ততাৰে ভৰি পৰিল। আমি যান্ত্ৰিক হৈ পৰিলো। লাহে লাহে সেই সোণোৱালী শৈশৱ অতীত হৈ পৰিল। অতীত হৈ পৰিল সাধুকথাৰ কাহিনীবোৰ।আজিৰ নাতি-নাতিনীয়েকে আইতাকৰ মুখৰ পৰা সাধু নুশুনে। আৰু আইতা সকলো যেন ব্যস্ত হৈ পৰিছে সময়ৰ মাজত। এনে এক সন্ধিক্ষণত নৱপ্ৰজন্মৰ ৩ গৰাকীয়ে পুৰণি সাধুবোৰ অসমীয়া এনিমেটেড ছবি হিচাপে ৰূপ দি ইণ্টাৰনেটত মুকলি কৰা কাৰ্য্যই শুভবাৰ্তা কঢ়িয়াইছে।

প্ৰিয় পাঠক,আমি বিছাৰি ফুৰো এনে কিছুমান খবৰ,যি খবৰে আমাৰ সকলোকে আলোড়িত কৰি ৰাখিব পাৰে। আচলতে একাংশ প্ৰজন্ম বিপথে পৰিচালিত হৈ থকা বুলি সময়ে সময়ে চৰ্চিত হ’লেও তাৰ মাজৰে কিছুমানে সাংঘাটিক ভাল কাম কৰি আছে। যাৰ বাবে এনে খবৰে শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে।

এটা ইউটিউব চেনেল। নাম geet music production চেনেলটোৰ যোগে প্ৰচাৰিত হৈছে অসমীয়া লোককথা আৰু সাধু। ৩ জন যুৱক-যুৱতীৰ প্ৰচেষ্টাত সাধুৱে ডিজিটেল মাধ্যমৰ জৰিয়তে ন-ৰূপ পোৱাত সচেতন মহলত চৰ্চা লাভ কৰিছে। জানিব পৰামতে বিভান শৰ্মা, গোমত্ৰী গীত ভৰালী আৰু গীত ভৰালীৰ প্ৰচেষ্টাত এনেদৰে অসমীয়া ভাষাত সাধু প্ৰচাৰিত হৈছে।

এই সম্পৰ্কে গীত ভৰালীযে এনেদৰে মন্তব্য কৰে – সাধু কি আজিৰ প্ৰজন্মই নাজানে, বুজি নাপায়। সাধুক জীয়াই ৰাখিবলৈ আৰু নৱপ্ৰজন্মই সাধুক জানিবলৈ এনে ব্যৱস্থা কৰো। আমাৰ চেনেলৰ জৰিয়তে বীৰবলৰ সাধু, আকবৰৰ সাধু আৰু লক্ষ্মীনাথ বেজবৰুৱা সাধুবোৰৰ কাৰ্টুন আকাৰত অসমীয়া ভাষাত সম্প্ৰচাৰিত হ’ব। এই ক্ষেত্ৰত আমাক সহযোগ কৰিছে Etv ৰ ৰাজস্থানে। পৰৱৰ্তী সময়ত গৰমৰ বন্ধত স্কুল বোৰত গৈ বিনামূলীয়াকৈ সাধু প্ৰদৰ্শন কৰাৰ পৰিকল্পনা আছে। এনেদৰে সাধুক জনপ্ৰিয় কৰাৰ বাবে লোৱা পদক্ষেপক সচেতন মহলে শলাগ লৈছে।

সংগীতা শইকীয়া
সম্পাদক
এন ই ফ’কাচ ডট কম

Leave A Reply

Your email address will not be published.