২৭ ডিচেম্বৰ মঙলবাৰে বিয়লি ৩ বজাত দিছপুৰ প্ৰেছ ক্লাৱত আয়োজন কৰা এক গ্ৰন্থ উন্মোচনী অনুষ্ঠানত এজন অসমীয়া উদ্যমীৰ সংগ্ৰামৰ কাহিনীৰ আধাৰত লেখিকা তথা শিক্ষয়িত্ৰী পল্লৱী নেওগ বৰাৰ দ্বাৰা ৰচিত উপন্যাস সপোনৰ ঠিকনা বিচাৰি কিশলয় শীৰ্ষক উপন্যাসখন উন্মোচন কৰা হয়৷ সাহিত্যিক- বিশিষ্ট অনুবাদক বিপুল দেউৰী,উদ্যোগ আৰু বাণিজ্য বিভাগৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত সঞ্চালক প্ৰফুল্ল কুমাৰ শইকীয়া,কটন বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড° জোনালী দেৱী,লেখিকা তথা সমাজ সেৱিকা স্বপ্নালী মহন্তই উন্মোচন কৰে৷গ্ৰন্থখন প্ৰকাশ কৰিছে অসমীয়া ভাষা আৰু ছফ্টৱেৰ বিকাশ কেন্দ্ৰৰ হৈ অনিল বৰুৱাই৷এগৰাকী সংগ্ৰামী যুৱক তথা আৰ্বান প্ৰ’টিন ব্ৰেণ্ডৰ প্ৰতিষ্ঠাতা ,উত্তৰ-পূৰ্বাঞ্চলৰ ডিফেঞ্চ টেলিকমিউনিকেশ্যনৰ একমাত্ৰ অসমীয়া ব্যৱসায়ী কুশল ডেকাৰ জীৱন কাহিনীৰ জুমুঠিৰে ৰচিত এই উপন্যাসখনৰ পৃষ্ঠাৰ সংখ্যা ২৪৮৷পিংকি মালাকাৰে আঁত ধৰা উক্ত গ্ৰন্থ উন্মোচনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উচ্চ পদস্থ বিষয়া হেমন্ত নেওগ, অধ্যাপিকা-লেখিকা স্মৃতিৰেখা ভূঞা,সংগীত শিল্পী অহিৰ ভৈৰৱ ,প্ৰাণজিৎ শইকীয়া,সুৰভি নেওগ,শেখৰ মজুমদাৰ আদি উপস্থিত থাকে৷
Trending
- বিশ্ব পৰিৱেশ দিৱস উপলক্ষে উত্তৰ পূব সীমান্ত ৰেলৱেৰ পৰিৱেশ সংৰক্ষণ সম্পৰ্কীয় সজাগতা অভিযান
- Airtel Defends 5G ‘Priority Postpaid’ Before DoT, Denies Net Neutrality Breach
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাচুল বৃদ্ধিৰ সন্দৰ্ভত সংবাদ মেল
- Prime Minister of Bhutan visits Assam
- গুৱাহাটী বিশ্ববিদ্যালয়ত পদ্মভূষণ পুষ্পলতা দাস স্মাৰক বক্তৃতানুষ্ঠান
- জন্মদিনত ১০ জন কৃষকক হাতী খেদাৰ বাবে ১০ টা টৰ্ছ আৰু পাটগাওঁ প্ৰাথমিক বিদ্যালয়ত ৩ যোৰ ডেস্ক- বেঞ্চ প্ৰদান প্ৰদান সমাজকৰ্মী বলেশ্বৰ ৰংপীৰ
- Assam CM meets Nirmala Sitharaman, discusses state’s growth roadmap
- এয়াৰটেলৰ পোষ্টপেইডে নেটৱৰ্কৰ সমস্যা সমাধান কৰে
- কৃষি বিজ্ঞান কেন্দ্ৰত কৃষক সজাগতা সভা সম্পন্ন
- Guwahati Hosts Industry 4.0 Dental 3D Printing Workshop