২৭ ডিচেম্বৰ মঙলবাৰে বিয়লি ৩ বজাত দিছপুৰ প্ৰেছ ক্লাৱত আয়োজন কৰা এক গ্ৰন্থ উন্মোচনী অনুষ্ঠানত এজন অসমীয়া উদ্যমীৰ সংগ্ৰামৰ কাহিনীৰ আধাৰত লেখিকা তথা শিক্ষয়িত্ৰী পল্লৱী নেওগ বৰাৰ দ্বাৰা ৰচিত উপন্যাস সপোনৰ ঠিকনা বিচাৰি কিশলয় শীৰ্ষক উপন্যাসখন উন্মোচন কৰা হয়৷ সাহিত্যিক- বিশিষ্ট অনুবাদক বিপুল দেউৰী,উদ্যোগ আৰু বাণিজ্য বিভাগৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত সঞ্চালক প্ৰফুল্ল কুমাৰ শইকীয়া,কটন বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড° জোনালী দেৱী,লেখিকা তথা সমাজ সেৱিকা স্বপ্নালী মহন্তই উন্মোচন কৰে৷গ্ৰন্থখন প্ৰকাশ কৰিছে অসমীয়া ভাষা আৰু ছফ্টৱেৰ বিকাশ কেন্দ্ৰৰ হৈ অনিল বৰুৱাই৷এগৰাকী সংগ্ৰামী যুৱক তথা আৰ্বান প্ৰ’টিন ব্ৰেণ্ডৰ প্ৰতিষ্ঠাতা ,উত্তৰ-পূৰ্বাঞ্চলৰ ডিফেঞ্চ টেলিকমিউনিকেশ্যনৰ একমাত্ৰ অসমীয়া ব্যৱসায়ী কুশল ডেকাৰ জীৱন কাহিনীৰ জুমুঠিৰে ৰচিত এই উপন্যাসখনৰ পৃষ্ঠাৰ সংখ্যা ২৪৮৷পিংকি মালাকাৰে আঁত ধৰা উক্ত গ্ৰন্থ উন্মোচনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উচ্চ পদস্থ বিষয়া হেমন্ত নেওগ, অধ্যাপিকা-লেখিকা স্মৃতিৰেখা ভূঞা,সংগীত শিল্পী অহিৰ ভৈৰৱ ,প্ৰাণজিৎ শইকীয়া,সুৰভি নেওগ,শেখৰ মজুমদাৰ আদি উপস্থিত থাকে৷
Trending
- গুৱাহাটী প্ৰেছ ক্লাবত সাপ্তাহিক কবচৰ ২৯ তম্ বৰ্ষপূৰ্তি উদযাপন
- ধাৰাপুৰত ১৫ দিনীয়া গ্ৰীষ্মকালীন নাট কৰ্মশালা আৰম্ভ
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা